NORTHEAST NOW (Assamese)
Popular Stories

অবিশ্বাস্য ! গোৱালপাৰাত উদ্ধাৰ ১২০ কিলোগ্ৰাম ওজনৰ মাছ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 20, 2023 8:20 am

বুধবাৰে গোৱালপাৰা জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ পঞ্চৰত্ন ঘাটত মাছমৰীয়াৰ জালত পৰিছে প্ৰায় ১২০ কিলোগ্ৰাম ওজনৰ এটা বিশাল গৰুৱা মাছ।

সূত্ৰ অনুসৰি মুছা শ্বেখ নামৰ এজন মাছমৰীয়াই বিশাল মাছটো নদীৰ পৰা পাৰলৈ টানি নিবৰ বাবে কেইবাজনো মানুহৰ সহায় বিচাৰিবলগীয়া হৈছিল। স্থানীয় লোকসকল গোট খাই সকলোৱে মিলিহে মাছটো পাৰলৈ চোঁচৰাই আনিব পাৰিছিল।

জানিব পৰা মতে এই বিশাল আকাৰৰ মাছটো পাইকাৰী মূল্যত ৮৫,২০০ টকাত বিক্ৰী কৰা হৈছে। কিন্তু খুচুৰা বজাৰত মাছৰ মূল্য ১.১০ লাখৰ পৰা ১.২০ লাখলৈ বৃদ্ধি পাইছে মাছটোৰ মূল্য।

উল্লেখ্য যে জীৱনত স্বচক্ষুৰে এনে বিশাল আকাৰৰ মাছ বহুতেই দেখি পোৱা নাই। সেয়ে মাছটো ধৰাৰ খবৰ লাভ কৰাৰ লগে লগেই মাছটো চোৱাৰ বাবে স্থানীয় লোকৰ পৰা আৰম্ভ কৰি পথাচাৰীসকলো নদীৰ ঘাটত গোট খাইছিলহি।

ইতিমধ্যে সামাজিক মাধ্যমত এই মাছটোৰ ছবি ভাইৰেল হৈ পৰিছে।