NORTHEAST NOW (Assamese)
অসম

গংগাৰ বুকুত বান্ধ নিৰ্মাণৰ বিৰোধিতা কৰিছিলো— মহাপ্ৰলয়ৰ পিছতে মহাবিস্ফোৰণ উমা ভাৰতীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 8, 2021 9:46 am
umabharti

উত্তৰাখণ্ডত হঠাতে  সৃষ্টি হোৱা মহাপ্ৰলয়কলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিৰ নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতীয়ে।

আজি উত্তৰাখণ্ডৰ প্ৰাকৃতিক দুৰ্যোগ সন্দৰ্ভত মন্তব্য কৰি উমা ভাৰতীয়ে কয় যে গংগা আৰু ইয়াৰ মূল শাখা নদী সমূহৰ ওপৰত নদী বান্ধ নিৰ্মাণৰ তেওঁ তীব্ৰ বিৰোধিতা কৰিছিল।

কিন্তু তেওঁৰ কথাৰ প্ৰতি কোনেও গুৰুত্ব নিয়াৰ ফলত ৰাজ্য খন পুনৰ বিস্তৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে।

উমা ভাৰতীয়ে কয় যে তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হৈ থকাৰ সময়তে গংগাৰ ওপৰত বান্ধ নিৰ্মাণ কৰাটো বিপজ্জনক কথা হ’ব বুলি সকিয়াই দিছিল।

হিমালয়ৰ যি অংশৰে গংগা বৈ  আহিছে সেয়া অতিস্পৰ্শকাতৰ অঞ্চল।

সেয়ে সেই অঞ্চলত নদী বান্ধ সাজিলে অনৱৰতে বিপদৰ আশংকা থাকি যাব বুলি উমা ভাৰতীয়ে এটা সময়ত প্ৰকাশ কৰিছিল বুলি আজি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়।

উল্লেখ্য বিভিন্ন পক্ষৰ প্ৰতিবাদৰ পিছতো উত্তৰাখণ্ডৰ চৰকাৰে এনটিপিচিৰ সহযোগত দেৱভূমি উত্তৰাখণ্ডৰ তপোবনত নিৰ্মাণ কৰিছিল বান্ধ।

৩,০০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা তপোবন জলবিদ্যুৎ প্ৰকল্পটো কালি পানীৰ সোঁতে উটুৱাই নিয়ে।

উক্ত বান্ধটোৰ নামনিত থকা বৃহৎ অঞ্চলৰ ঘৰ –বাৰী পানীয়ে ধুই লৈ যায়। এতিয়ালৈকে উত্তৰাখণ্ডত ১৪ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।

ফ্ৰান্স, নেপাল আমেৰিকা আদি দেশে  এই বিপৰ্যয়ৰ সময়ত ভাৰতৰ সৈতে আছে বুলি প্ৰকাশ কৰিছে।

একেদৰে ৰাষ্ট্ৰসংঘয়ো ভাৰতক যিকোনো সাহায্য প্ৰদানৰ বাবে সাজু বুলি প্ৰকাশ কৰিছে।