NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত বুঢ়ীদিহিং নৈত জাঁপ দিয়া কাঞ্চন দেৱনাথৰ মৃতদেহ উদ্ধাৰ

Posted by: মানস প্ৰতিম গগৈ August 7, 2018 7:38 pm
মাৰ্ঘেৰিটা

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত সোমবাৰে নিশা কাঞ্চন  দেৱনাথ নামৰ এজন ব্যক্তিয়ে বুঢ়ীদিহিং নৈত জঁপিয়াই আত্মহত্যা কৰা ঘটনাই মাৰ্ঘেৰিটাত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এন ডি আৰ এফৰ দলেআজি পুৱাৰে পৰা অভিযান চলাই লামগাওঁ অঞ্চলত বুঢ়ীদিহিং নৈত বিয়লি প্ৰায় ৪:৩০ বজাত কাঞ্চন  দেৱনাথৰ নশ্বৰ দেহ  উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

জানিব পৰা মতে মাৰ্ঘেৰিটাৰ ১নং লাজুম কালীবাৰীৰ বাসিন্দা কাঞ্চন দেৱনাথ (৪০ বছৰীয়া)য়ে মাৰ্ঘেৰিটা ৰে’লৱে’ দলঙৰ পৰা কালি নিশা বুঢ়ীদিহিং নৈত জাঁপ দিয়ে।

পেচাত এগৰাকী তামোল ব্যৱসায়ী দেৱনাথ তিনিগৰাকী কন্যাৰ পিতৃ। কি পৰিস্থিতিত দেৱনাথে এন চৰম পন্থা বাচি ললে সেয়া এতিয়াও পোহৰলৈ অহা নাই।