NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা; কেইবাজনো লোক আহত

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী April 12, 2021 9:16 am
accident Yesin story photo

দেওবাৰে নিশা বঙাইগাঁও জিলাৰ গৰাইমাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

জানিব পৰা মতে দুখন গাড়ীৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত হয় এক দুৰ্ঘটনা। কিন্তু তৎমুহূৰ্ততে আন এখন গাড়ীয়ে আহি তাতেই আকৌ খুন্দিওৱাত ঘটনা আৰু অধিক জটিল কৰি তোলে।

বঙাইগাঁও জিলাৰ গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাগ্ৰস্ত গাড়ী কেইখন হ’ল ক্ৰমে AS 19AC 0662 বলেৰো পিক আপ ভান, AS 12Y 0375 ইয়ো’ন আৰু AS 26B 2905 আই- টুৱেণ্টি।

এই দুৰ্ঘটনাত চালক সহ ১২ জন লোক আহত হোৱাৰ খৱৰ পোৱা হৈছে। ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক বুলি কোৱা হৈছে।

আহত সকলক ততাতৈয়াকৈ চিকিৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰা হয়।

ঘটনাস্থলীত উত্তেজিত ৰাইজৰ শিলাবৰ্ষণত আৰক্ষী চকীৰ আচবাবৰ কিছু পৰিমাণে ক্ষতি সাধন হৈছে বুলি জানিব পৰা গৈছে।