NORTHEAST NOW (Assamese)
Popular Stories

গৰমত শীতলাই ল’ব নেকি দেহাটি? জানি লওঁক বীয়েৰ খোৱাটো ভাল নে বেয়া।

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 20, 2023 1:16 pm

হুইস্কী বা অন্যান্য মদৰ তুলনাত বীয়েৰত এলক’হলৰ পৰিমাণ কমকৈ থাকে। গৰমৰ দিনতো দূৰৰ কথা। ঠাণ্ডা দিনতো বীয়েৰত চুমুক দি বহুতে স্বস্তিৰ উশাহ লয়। কিন্তু বীয়েৰ খোৱাটো ভাল নে বেয়া? সঁচাকৈয়ে বীয়েৰ খালে শৰীৰৰ উন্নতি হয়নে?

শেহতীয়াকৈ পৰ্তুগালত এক নতুন অধ্যয়নত দাবী কৰা হৈছে যে বীয়েৰ পেটৰ আন্ত্ৰিক অংশৰ বাবে ভাল আৰু ইয়াৰ দীৰ্ঘদিনীয়া ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে।

চেণ্টাৰ ফৰ ৰিচাৰ্চ ইন হেলথ টেকন’লজিছ এণ্ড চাৰ্ভিচেছৰ অধ্যয়নত প্ৰকাশ পাইছে যে বীয়েৰে আন্ত্ৰিক মাইক্ৰ’বায়’টাক গঢ় দিয়াত সহায় কৰে। এই মাইক্ৰ’বায়’টাই অতি সাধাৰণ দীৰ্ঘদিনীয়া ৰোগ যেনে মেদবহুলতা, ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এই অধ্যয়ন অনুসৰি নিয়মিতভাৱে বীয়েৰ খালে অন্ত্ৰত জমা হোৱা বেয়া বেক্টেৰিয়াবোৰ বাহিৰ হৈ যায়। বীয়েৰ খালে শৰীৰত এবিধ এনজাইম উৎপন্ন হয়, যাৰ ফলত আন্ত্ৰিক অংশ সুস্থ হৈ থাকে।

এই অধ্যয়ন অনুসৰি বীয়েৰৰ এই উপকাৰৰ লগত আন মদৰ কোনো সম্পৰ্ক নাই। গৱেষণাৰ মতে, ইয়াত থকা নিৰ্দিষ্ট যৌগবোৰে আন্ত্ৰিক অংশত বিভিন্ন ধৰণৰ অণুজীৱৰ সৃষ্টি কৰে, যিয়ে ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ ৰোগৰ দৰে দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে।

কিন্তু বীয়েৰ সেৱন কৰিলে তেজত ট্ৰাইগ্লিচাৰাইড, চেনি বা কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পোৱাৰ কোনো প্ৰমাণ পোৱা নাই বুলিও অধ্যয়নটোত উল্লেখ কৰা হৈছে। গৱেষকসকলৰ মতে ৰেড ৱাইনৰ দৰেই বীয়েৰত থকা পলিফিনলে স্বাস্থ্যৰ উন্নতি সাধন কৰে।

সীমিত পৰিমাণে বীয়েৰ খালে কি কি লাভ হয়?

) বীয়েৰে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা কমায়।

) ইয়াত বিভিন্ন খনিজ উপাদান থাকে, যেনে মেগনেছিয়াম, পটাছিয়াম, ক্ৰ’মিয়াম, ভিটামিন বি আদি। এই খনিজ পদাৰ্থসমূহে শৰীৰত পুষ্টি যোগান ধৰে।

) এই পানীয়ত আঁহৰ পৰিমাণ বেছি। গতিকে বীয়েৰে পেট পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে।

) বীয়েৰত প্ৰচুৰ পৰিমাণে লেক্ট’ফ্লেভিন আৰু নিকোটিনিক এচিড থাকে। এই দুটাৰ প্ৰভাৱৰ বাবে অনিদ্ৰাৰ সমস্যা নাইকিয়া হয়।