NORTHEAST NOW (Assamese)
Popular Stories

আয়াৰলেণ্ডত এদিনতে ৫২ শতাংশ বৃদ্ধি পালে কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 20, 2020 4:44 pm
Coronavirus

বিশ্বৰ সুশৃখংল দেশ হিচাপে পৰিচিত আয়াৰলেণ্ডত কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা এদিনতে ৫২ শতাংশ বৃদ্ধি পাইছে।

আয়াৰলেণ্ডত বৃহস্পতিবাৰে কৰ’নাভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা এদিনতে ৩৬৬ গৰাকীৰ পৰা ৫৫৭ গৰাকীলৈ বৃদ্ধি পায়।

এয়া হৈছে আয়াৰলেণ্ডত এদিনতে কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংৰ্বাধিক সংখ্যা।

‘‘কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা এদিনতে ৫২ শতাংশ বৃদ্ধি হৈছে যদিও এই সংখ্যাই আমি সপ্তাহটোত আক্ৰান্ত হ’ব পৰা লোকৰ সংখ্যাৰ ধাৰণা অতিক্ৰম কৰা নাই,’’ আয়াৰলেণ্ডৰ শীৰ্ষ পৰ্যায়ৰ এগৰাকী চিকিৎসা বিষয়াই এইদৰে কয়।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে ইটালীত কৰ’না ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই চীনত মৃত্যু হোৱা সংখ্যা অতিক্ৰম কৰিছে।

ইটালীৰ পাছতে চীন আৰু ইৰাণ কৰ’না ভাইৰাছৰ ফলত বৰ্তমানলৈ অধিক ক্ষতিগ্ৰস্ত হৈছে।

চীনৰ য়ুহান প্ৰদেশত প্ৰথমে সংহাৰ আৰম্ভ হোৱা কৰ’না ভাইৰাছ পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বলৈ বিয়পি পৰে আৰু গুৰুতৰ ৰূপ ধাৰণ কৰে।