NORTHEAST NOW (Assamese)
অসম

কৰ’নাভাইৰাছৰ বাবে বি টি চি নিৰ্বাচন পিছুওৱাৰ সম্ভাৱনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 20, 2020 4:14 pm
Himanta Biswa Sarma

কৰ’নাভাইৰাছৰ সংক্ৰমণৰ বাবে আসন্ন বি টি চি নিৰ্বাচন পিছুৱাব পাৰে নিৰ্বাচন আয়োগে।

বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ভাইৰাছবিধৰ প্ৰতি সাৱধানতাৰ অংশ হিচাপে নিৰ্বাচনটো পিছুৱাবলৈ অসম চৰকাৰে আয়োগক অনুৰোধ জনাইছে।

“অসম চৰকাৰে বি টি চি নিৰ্বাচন পিছুৱাবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক পৰামৰ্শ দিছে। নিৰ্বাচন আয়োগে এই সন্দৰ্ভত শীঘ্ৰে এক ঘোষণা কৰিব,” অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে সংবাদমেলত কয়।

অহা ৪ এপ্ৰিলত বি টি চি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল। ৮ এপ্ৰিলত ফলাফল ঘোষণাৰ কথা আছিল।

মন্ত্ৰী শৰ্মাই কয় যে চৰকাৰে কৰ’নাভাইৰাছজনিত পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্য্যন্ত নিৰ্বাচনী প্ৰচাৰ বন্ধ ৰখাৰ বাবে সিদ্ধান্ত ল’বলৈয়ো আয়োগক অনুৰোধ জনাইছে।

কৰ’নাভাইৰাছৰ আতংকৰ মাজত বি টি চিৰ নিৰ্বাচনক লৈ বহুতে চ’চিয়েল মিডিয়াত উদ্বিগ্নতা ব্যক্ত কৰিছিল।

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও কৰ’নাভাইৰাছৰ বাবে বি টি চি নিৰ্বাচন পিছুওৱাবলৈ দাবী উত্থাপন কৰিছিল।