NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 23, 2026 9:00 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যত চলি থকা ভয়ংকৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহা ২৫ জুলাইত হবলগীয়া এক বিশাল ৰাজ্যজোৰা প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখা হৈছে। প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাসহ ভূমি অধিকাৰ আন্দোলনৰ কেইবাগৰাকীও নেতাৰ মুক্তিৰ দাবী জনাই এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। নিখিল ৰাভা জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক গোবিন্দ ৰাভা, সদৌ তিৱা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক প্রমোদ ছাগ্ৰা, যুৱ নেতা লিটচং ৰংফাৰ আৰু ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিৰ আহ্বায়ক সুব্রত তালুকদাৰে এখন প্ৰেছ বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে।

নেতাসকলে উল্লেখ কৰে যে বৰ্তমান অসমৰ ৰাইজে এক অতি ভয়াবহ বান দুৰ্যোগৰ সন্মুখীন হৈছে। হঠাৎ অহা বানপানীৰ ফলত ৰাইজৰ দুখ-কষ্ট বহুত বাঢ়ি গৈছে। বিশেষকৈ উজনি অসমত পৰিস্থিতি অতি জটিল হৈ পৰিছে আৰু তাত দৈনিক মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সকলোকে অতিশয় চিন্তিত কৰি তুলিছে। পাহাৰ আৰু নদীসমূহৰ ওপৰত একাংশ চৰকাৰৰ আশীৰ্বাদপুষ্ট মাফিয়াই চলোৱা ধ্বংসলীলাৰ বাবেই আজি বানপানীয়ে এনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু সাধাৰণ মানুহে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বুলি তেওঁলোকে অভিযোগ কৰে। এনে এক বিপদৰ সময়ত আৰ্তজনৰ দুখৰ সমভাগী হোৱাৰ উদ্দেশ্যে নেতাসকলে সাময়িকভাৱে ৰাজপথৰ আন্দোলন বাতিল কৰিছে।

ইয়াৰ লগতে আন্দোলনকাৰী নেতাসকলে ৰাজ্য চৰকাৰক বানপীড়িত ৰাইজৰ স্বাভাৱিক জীৱন ঘূৰাই আনিবলৈ তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। তেওঁলোকে উদ্ধাৰ অভিযান আৰু চিকিৎসা ব্যৱস্থা খৰতকীয়া কৰাৰ লগতে জিলা প্ৰশাসনসমূহলৈ সোনকালে পুঁজি আৱণ্টন দিবলৈ অনুৰোধ কৰিছে। ৰাজ্যত এটা সুকীয়া দুৰ্যোগ প্ৰশমন বিভাগ থকাৰ পিছতো বানপানীত কিয় ইমান মানুহৰ অকাল মৃত্যু হ, সেই বিষয়ে এখন উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰি তাৰ ফলাফল ৰাজহুৱা কৰিবলৈ তেওঁলোকে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।