NORTHEAST NOW (Assamese)
অসম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ‘মাষ্টাৰচেফ ইণ্ডিয়া’ বিজয়ী নয়নজ্যোতি শইকীয়াক সম্বৰ্দ্ধনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 21, 2023 9:06 pm
MasterChef India

ৰিয়েলিটি শ্ব’ “মাষ্টাৰ চেফ ইণ্ডিয়া ছিজন ৭” খিতাপ অৰ্জন কৰা অসমৰ নয়নজ্যোতি শইকীয়াক বিশেষ সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত এখনি সভা আয়োজন কৰা হয়।

নিজস্ব ৰন্ধন শৈলীৰ বাবে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা প্ৰাপক শইকীয়াক আজিৰ সভাত বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এখন শৰাই, পাটৰ গামোচা, প্ৰশংসা পত্ৰৰ লগতে স্মাৰক প্ৰদান কৰি সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

উল্লেখযোগ্য যে, নয়নজ্যোতি শইকীয়া গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ (জি আই এম টি)ৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ প্ৰাক্তন ছাত্ৰ।

সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক ড: অলক কুমাৰ বুঢ়াগোহাঁই, উপাচাৰ্য অধ্যাপক ড: কন্দৰ্প দাসৰ লগতে বিশ্ববিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল।

 

 

সম্বৰ্দ্ধনা অনুষ্ঠানত নিজ ভাষণত নয়ন জ্যোতি শইকীয়াই সৰ্বপ্ৰথমে প্ৰাক্তন ছাত্ৰ হিচাপে প্ৰতিষ্ঠানখনৰ প্ৰতি কৃতজ্ঞতা প্ৰদান কৰি শিক্ষা অনুষ্ঠানখনৰ পৰা লাভ কৰা জ্ঞান আৰু অভিজ্ঞতা বৰ্ণনা কৰে।

ৰাষ্ট্ৰীয় পৰ্য্যায়ত মাষ্টাৰ চেফ হিচাপে প্ৰতিষ্ঠিত হ’বলৈ তেওঁ পাৰ কৰা দীঘলীয়া পৰিক্ৰমা আৰু কৃতকাৰ্যতাৰ কথা সুন্দৰকৈ অৱগত কৰে। ভাষণ প্ৰসঙ্গত তেওঁ লোকসংস্কৃতিত অসমৰ থলুৱা খাদ্যৰ ভূমিকাৰ কথা উল্লেখ কৰি ইয়াক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অনাৰ গুৰুত্ব প্ৰদান কৰে।

উক্ত অনুষ্ঠান সামৰণি পৰে মাষ্টাৰচেফ নয়নজ্যোতি শইকীয়াৰ সৈতে সভাসদ সকলৰ লগত হোৱা পাৰস্পৰিক বাৰ্তালাপেৰে।