NORTHEAST NOW (Assamese)
অসম

ৰাম মন্দিৰৰ নিৰ্মাণ আৰম্ভ হ’লেই ধ্বংস হ’ব কৰ’না ভাইৰাছ; কোনে দিলে এই মন্তব্য?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 23, 2020 3:44 pm
rameshvwa

ৰাম মন্দিৰ নিৰ্মাণৰ কাম এবাৰ আৰম্ভ হ’লেই ধ্বংস হ’ব কৰ’না ভাইৰাছ। ভগৱান ৰামচন্দ্ৰই সন্তুষ্ট হৈ এই এই মাৰাত্মক ভাইৰাছক দমন কৰিব।

এই মন্তব্য কেৱল এগৰাকী ৰামভক্তৰেই নহয়, তেওঁ এগৰাকী বিজেপি নেতা তথা মধ্য প্ৰদেশ বিধানসভাৰ প্ৰটেম অধ্যক্ষ ৰামেশ্বৰ শৰ্মাৰ।

বিজেপিৰ এই নেতাগৰাকীয়ে বিশ্বাস কৰে যে অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম এবাৰ আৰম্ভ হ’লে কৰ’না ভাইৰাছ মহামাৰী দূৰ হ’ব।

অহা ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজাৰ দিন ঠিক কৰা হৈছে।

বুধবাৰে গোৱালিয়ৰৰ এখন সংবাদমেলত বিজেপি নেতা ৰামেশ্বৰ শৰ্মাই কয়,’’তেওঁ (ভগৱান ৰামচন্দ্ৰ) মানৱ জাতিৰ কল্যাণ তথা ৰাক্ষসসকলক বধ কৰাৰ বাবে পুনৰ্জন্ম লৈছিল। ৰাম মন্দিৰটো নিৰ্মাণ আৰম্ভ হোৱাৰ লগে লগে কৰ’না মহামাৰীৰ ধ্বংসও আৰম্ভ হ’ব।‘’

মধ্য প্ৰদেশ বিধানসভাৰ প্ৰটেম অধ্যক্ষ শৰ্মাই লগতে কয়, ‘’কেবল ভাৰতে নহয়, সমগ্ৰ বিশ্বই কৰ’না মহামাৰীৰ গ্ৰাসত পৰিছে। আমি সামাজিক দূৰত্ব বজাই ৰখাই নহয়, আমাৰ পৱিত্ৰ দেৱ-দেৱতাসকলকো স্মৰণ কৰিছো। উচ্চতম ন্যায়ালয়েও ৰাম মন্দিৰ নিৰ্মাণৰ নিৰ্দেশ দিছে।‘’

অহা ৫ আগষ্টত অযোধ্যাত হ’বলগীয়া ভূমিপূজাত উপস্থিত থাকিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

তদুপৰি, প্ৰধান মন্ত্ৰীৰ উপৰি এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰা হৈছে গৃহ মন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱত, বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰ, মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰেকে ধৰি প্ৰায় তিনিশ অতিথিক।