NORTHEAST NOW (Assamese)
অসম

Assam CEE 2020 ৰ নতুন তাৰিখ ঘোষণা,২০ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব পৰীক্ষা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 23, 2020 3:42 pm

আছাম ছায়েন্স এণ্ড টেকন’ল’জি ইউনিভাৰ্চিটিয়ে আছাম ক’ম্বাইণ্ড এনট্ৰেন্স এগজামিনেশ্যন( Assam CEE 2020)ৰ নতুন দিন ঘোষণা কৰিছে।

ক’ৰ’ণাতংকৰ বাবে ইতিপূৰ্বে দুবাৰকৈ  পিছুওৱা Assam CEE 2020 সন্দৰ্ভত  ৪ জুনত আছাম ছায়েন্স এণ্ড টেকন’ল’জি ইউনিভাৰ্চিটিয়ে No ASTU/CEE/2020/627/PN3 নম্বৰৰ বিশেষ জাননী যোগে ঘোষণা কৰিছিল যে পৰীক্ষা ২ আগষ্টত অনুষ্ঠিত কৰা হ’ব।

কিন্তু ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ অব্যাহত থকালৈ চাই পৰীক্ষাৰ দিন পুনৰ পিছুৱাব লগীয়া হৈছে বুলি বিশ্ব বিদ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে।

আছাম ছায়েন্স এণ্ড টেকন’ল’জি ইউনিভাৰ্চিটিৰ সদস্য সচিবে শেহতীয়াকৈ প্ৰকাশ কৰা অনুসৰি অহা ২০ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব Assam CEE 2020.

পৰীক্ষাৰ্থী সকলে ১৫ ছেপ্তেম্বৰৰ পৰা এডমিট কাৰ্ড সংগ্ৰহ কৰিব পাৰিব।

পৰীক্ষা অনুষ্ঠিত হ’ব দিনৰ ১১ বজাৰ পৰা বিয়লি ২ বজালৈ।

ফলাফল ঘোষণা কৰা হ’ব ৩০ ছেপ্তেম্বৰ অথবা তাৰ পূৰ্বে।

শিক্ষাৰ্থী আৰু অভিভাৱক সকলে আছাম ছায়েন্স এণ্ড টেকন’ল’জি ইউনিভাৰ্চিটিৰ ৱেবছাইটwww.astu.ac.in.ত এই সম্পৰ্কীয় যাৱতীয় তথ্য লাভ কৰিবলৈ সক্ষম হ’ব।

শিক্ষাৰ্থী সকলে অনলাইন লেন-দেন সম্পৰ্কীয় তথ্যৰ বাবে 08472880277, 09769199421, 09619452109 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আছাম ছায়েন্স এণ্ড টেকন’ল’জি ইউনিভাৰ্চিটিৰ সদস্য সচিবে প্ৰকাশ কৰিছ