NORTHEAST NOW (Assamese)
অসম

বিহু অনুষ্ঠান সামৰি আহি থকাৰ পথত ভয়ানক দুৰ্ঘটনাত আহত শিল্পী কৃষ্ণমণি চুতীয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 24, 2023 3:26 pm

সোমবাৰে বিহু অনুষ্ঠানত কন্ঠদান কৰি ঘৰলৈ আহি থকাৰ পথত ভয়ানক দুৰ্ঘটনাৰ সন্মুখীন হ’ল জনপ্ৰিয় গায়ক কৃষ্ণমণি চুতীয়া।

নগাঁও জিলাৰ সমাগুৰিত দুখন বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষটোত দুয়োখন বাহনৰে চালক গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়। কৃষ্ণমণি চুতীয়া আহি থকা বাহনৰ খনৰ লগত এখন টেম্পুৰ মুখাপমুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি জানিবলৈ পোৱা গৈছে।

সূত্ৰ অনুসৰি এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে কৃষ্ণমণি চূতীয়াৰ বাহনখনৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই ততাতৈয়াকৈ আহতসকলক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

সম্প্ৰতি কন্ঠশিল্পী কৃষ্ণমণি চুতীয়াকে ধৰি আহত আটাইকেইজন চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে কৃষ্ণমণি চুতীয়া নলবাৰীৰ এটি সাংস্কৃতিক অনুষ্ঠানত কণ্ঠদান কৰি উভতি আহি থকাৰ পথত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়।