NORTHEAST NOW (Assamese)
অসম

অসম্পূৰ্ণ অসম-নাগালেণ্ড ৰেইল আঁচনিৰ সময়সীমা ধৰি দিলে প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে

Posted by: এন ই নাও নিউজ ব্যুৰো December 8, 2017 3:41 pm

দীৰ্ঘদিনে অসম্পূৰ্ণ হৈ থকা অসমৰ ধনশিৰি আৰু নাগালেণ্ডৰ জুবজা সংযোগী ৰেইলপথৰ কাম ২০২০ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে শেষ সময় সীমা বান্ধি দিছে। লক্ষণীয় যে এই দুই উত্তৰ-পূব ৰাজ্যৰ বাণিজ্যিক আৰু যাতায়াত ব্যৱস্থা সুচল কৰাৰ অৰ্থে ২০০৬ চনতে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰে এই ৰেইল লাইন নিৰ্মাণৰ বাবে অনুমোদন জনাইছিল। বিভিন্ন অসুবিধাজনিত কাৰণত এই পৰ্যন্ত মাত্ৰ ৮ শতাংশহে কাম সম্পূৰ্ণ হৈ উঠিছে। তথ্য অনুসৰি এই আঁচনিত ১৯০ খন দলং আৰু ২৬ কি. মি. দৈৰ্ঘ্যৰ সুৰংগ বনাবলৈ সৰ্বমুঠ ১০০ কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ৰেইল বিভাগে অনুমোদন জনাইছিল। সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে তিনিটা পৰ্যায়ত এই আঁচনিৰ আধৰুৱা কাম নিৰীক্ষণ কৰিব। প্ৰথম পৰ্যায়ৰ কাম অহা বছৰৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ কৰিব বুলি কাৰ্যালয়ে জনায়। লক্ষণীয় যে এই ৰেইল লাইন আঁচনিৰ বাবে প্ৰয়োজনীয় ভূমি অধিগ্ৰহণ দুয়োখন ৰাজ্য চৰকাৰে নিৰীক্ষণৰ সময়সূচী  নিজাববীয়াকৈ নিৰ্ধাৰণ কৰিব।