NORTHEAST NOW (Assamese)
অসম

বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনত গুৰুত্বপূৰ্ণ তথ্য! আইআইটি খড়গপুৰত অসমৰ ছাত্ৰৰ মৃত্যুৰ গোচৰত উচ্চ ন্যায়ালয়ৰ নতুন নিৰ্দেশ

Posted by: এন ই নাও নিউজ, কলকাতা Updated by: এন ই নাও নিউজ, কলকাতা April 25, 2023 2:33 pm

খড়গপুৰ আইআইটিত অসমৰ ছাত্ৰ ফাইজান আহমেদৰ মৃত্যুৰ গোচৰত কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত এখন বিশেষজ্ঞ সমিতি গঠন কৰা হৈছিল। সেই সমিতিৰ প্ৰতিবেদনত পোৱা গৈছে ভিন্ন ইংগিত। সেই প্ৰতিবেদনৰ পিছত উচ্চ ন্যায়ালয়ে মঙলবাৰে ফাইজানৰ মৃতদেহৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ নিৰ্দেশ দিয়ে। ন্যায়াধীশ ৰাজেখৰ মান্থাই মঙলবাৰে এই নিৰ্দেশ দিয়ে।

উল্লেখ্য যে যোৱা ১৪ অক্টোবৰত খড়গপুৰ আই আই টিৰ হোষ্টেলৰ কোঠাৰ পৰা অসমৰ তিনিচুকীয়াৰ ফাইজান আহমেদ নামৰ ২৩ বছৰীয়া ছাত্ৰজনৰ মৃতদেহ হোষ্টেলৰ কোঠাৰ পৰা উদ্ধাৰ হৈছিল। মেকানিকেল ইঞ্জিনিয়াৰিঙৰ বিটেক তৃতীয় বৰ্ষৰ ছাত্ৰ আছিল ফাইজান।

লগতে পঢ়ক: মোডীলৈ যিপাত যোগীলৈও একেপাত! মোডীৰ পিছতেই এইবাৰ হত্যাৰ ভাবুকি যোগীলৈ

ছাত্ৰজনৰ পৰিয়ালে আইআইটি কৰ্তৃপক্ষৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আদালতৰ কাষ চাপিছিল।ফাইজানক হত্যা কৰা বুলি পৰিয়ালে অভিযোগ কৰিছিল। কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ফাইজান আত্মহত্যা কৰিলে নে হত্যা কৰিলে তাৰ তদন্তৰ বাবে এখন বিশেষজ্ঞ সমিতি গঠন কৰা হয়। সেই সমিতিৰ প্ৰতিবেদনত গুৰুত্বপূৰ্ণ তথ্য ওলাইছে।

ছাত্ৰজনৰ মূৰৰ পিছফালে গধুৰ বস্তুৰে আঘাত কৰা বুলি প্ৰতিবেদনত কোৱা হৈছে। ৰিপৰ্টত আঘাতৰ চিনো পোৱা গৈছে বুলি উল্লেখ আছে। আৰক্ষীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত আঘাতৰ বিষয়টো অন্তৰ্ভুক্ত কৰা হোৱা নাই বুলি বিশেষজ্ঞ সমিতিয়ে দাবী কৰিছে।

উচ্চ ন্যায়ালয়ে বিশেষজ্ঞ সমিতিৰ এই তথ্যক ‘গুৰুত্বপূৰ্ণ’ বুলি গণ্য কৰে। মঙলবাৰে ন্যায়াধীশ ৰাজশেখৰ মান্থাই ফাইজানৰ মৃতদেহৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ নিৰ্দেশ দিয়ে। তেওঁৰ নিৰ্দেশ অনুসৰি ঘটনাৰ তদন্তকাৰী বিষয়াই ফাইজানৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কলকাতালৈ লৈ আহিব।

লগতে পঢ়ক: সুখবৰ : ফিল্ম ফেয়াৰলৈ মনোনীত হ’ল অসমৰ সুমন অধিকাৰী

দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা কলকাতা চিকিৎসা মহাবিদ্যালয়ত কৰা হ’ব। ন্যায়াধীশে মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসককো উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে। লগতে পৰৱৰ্তী এমাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষাৰো নিৰ্দেশ দিয়ে। এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ৩০ জুনত হ’ব।