NORTHEAST NOW (Assamese)
অসম

ঐতিহ্য ক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতাই দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে আছু-যুৱ-ছাত্ৰৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ May 2, 2018 10:54 pm
48369b4e-49ea-42c5-92ff-7a05bd31d77e

কাজিৰঙাকে ধৰি অসমৰ ঐতিহ্যক্ষেত্ৰ কাৰেংঘৰ, শিৱদ’লক ভাৰত চৰকাৰে চোৱা চিতাৰ কৰাৰ দায়িত্ব জে টি আই গ্ৰুপ আৰু জাংগল ট্রেডার্চ ইণ্ডিয়াক দিয়াৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন তথা সচেতন ব্যক্তি।

কেন্দ্ৰীয় চৰকাৰৰ ঐতিহ্য সংৰক্ষণ আঁচনিৰ অধীনত অসমৰ ঐতিহাসিক ক্ষেত্ৰসমূহ ব্যক্তিখণ্ডক গতাই দিয়াৰ সিদ্ধান্তৰ আলোচনা পন্থী আলফা, কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন সংগঠনে তীব্ৰ বিৰোধিতা কৰিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ৰংঘৰ, কাৰেংঘৰ, শিৱদৌল ব্যক্তিগত খণ্ডক গতাই দিয়া কাৰ্যক কোনো কাৰণতে সমৰ্থন নকৰে দল-সংগঠনবোৰে।

বুধবাৰে আছুৰ নেতৃত্বত ৰাজপথলৈ ওলাই আহি আছুৱে কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্নৰ লগতে কাজিৰঙাক ব্যক্তিগত খণ্ডক গতাব বিচৰা কাৰ্যৰ বিৰুদ্ধে আছুৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰা হয়।

02-05-18 Sivsagar- AASU protest (2)

কেন্দ্ৰীয় চৰকাৰৰ Adopt A Heritage নামৰ আঁচনিৰ অধীনত অসমৰ চাৰি ঐতিহাসিক ক্ষেত্ৰ ৰংঘৰ, কাৰেংঘৰ, শিৱদ’ল আৰু কাজিৰঙা ৰাষ্টীয় উদ্যান ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ সিদ্ধান্ত বাতিল নকৰিলে আছু বহি নাথাকে বুলি স্পষ্ট কৰি দিয়ে সংগঠনটোৱো।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতি, গোলাঘাট জিলা ছাত্ৰ সন্থা, বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কাজিৰঙা অঞ্চলত আজি বিভিন্ন সংগঠনৰ লগতে ৰাইজে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।

শিৱসাগৰৰ কীৰ্তিচিহ্ন ৰংঘৰ, কাৰেংঘৰ, শিৱদ’লক ব্যক্তগত খণ্ডক গতোৱাৰ সিদ্ধান্তৰ প্ৰতিবাদত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা আৰু শিৱসাগৰ আঞ্চলিক ছাত্ৰসন্থাই আজি শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰে।

চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন স্থানতো আজি দল-সংগঠনবোৰে প্ৰতিবাদ মুখৰ হৈ পৰিছে।