NORTHEAST NOW (Assamese)
অসম

‘ঘৃণামূলক ভাষণৰ ক্ষেত্ৰত অভিযোগ অবিহনেই ৰাজ্যই দাখিল কৰিব লাগিব গোচৰ’: উচ্চতম ন্যায়ালয়

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী April 28, 2023 7:27 pm

ঘৃণামূলক ভাষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে। ২০২২ চনত উচ্চতম ন্যায়ালয়ে দিল্লী, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডক নিজাববীয়াকৈ গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছিল। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে একে ৰায়দান সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ সম্প্ৰসাৰণ কৰে। এই ক্ষেত্ৰত গোচৰ দাখিল কৰাত পলম হোৱাটো আদালত অৱমাননা হিচাপে গণ্য কৰা হ’ব বুলিও উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিছে।

ঘৃণামূলক ভাষণৰ সৈতে জড়িত কেইবাটাও গোচৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা হয়। সেই গোচৰসমূহৰ শুনানি শুকুৰবাৰে অনুষ্ঠিত হয়। তেতিয়াই উচ্চতম ন্যায়ালয়ে কয় যে ঘৃণামূলক ভাষণত দেশৰ ধৰ্মনিৰপেক্ষ ভাবমূৰ্তি ধ্বংস কৰাৰ শক্তি আছে। গতিকে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

লগতে পঢ়ক: বৰিছ জনছনক ঋণ পোৱাই দিয়াৰ তথ্য গোপন! বিবিচিৰ অধ্যক্ষ ৰিচাৰ্ড শ্বাৰ্পৰ পদত্যাগ

ন্যায়াধীশ কে এম জোচেফ আৰু বি ভি নাগাৰত্নৰ বিচাৰপীঠে তেওঁলোকৰ ৰায়দানত কয় যে, “আমি স্পষ্টকৈ ক’ব বিচাৰো যে এনে কাৰ্য্যৰ সময়ত যাতে কোন ধৰ্মৰ ব্যক্তিয়ে ভাষণ দিছে চোৱা নহয়।” বিচাৰপীঠে লগতে কয় যে বিচাৰকসকল অৰাজনৈতিক। আৰু তেওঁলোক এ দল বা বি দলক লৈ চিন্তিত নহয়। কেৱল ভাৰতীয় সংবিধানৰ কথাহে মনত ৰখা হয়।”

ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে ঘৃণামূলক ভাষণৰ ক্ষেত্ৰত কঠোৰ পৰ্যবেক্ষণ আগবঢ়াইছিল। যোৱা মাৰ্চ মাহত বিচাৰপীঠে কৈছিল, “ঘৃণামূলক ভাষণ এক সংক্ৰামক ৰোগৰ দৰে। যি মুহূৰ্তত ৰাজনীতি আৰু ধৰ্ম ইটোৱে সিটোৰ পৰা পৃথক হ’ব, সেই মুহূৰ্তত ঘৃণামূলক ভাষণৰ ধাৰাও শেষ হ’ব। ৰাজনীতিবিদসকলে যি মুহূৰ্তত শব্দৰে ধৰ্মক ৰাজনীতিত টানি নিয়া বন্ধ কৰিব, সেই মুহূৰ্ততে ঘৃণামূলক ভাষণ বন্ধ হৈ যাব।”