NORTHEAST NOW (Assamese)
অসম

সংখ্যালঘু ছাত্ৰবৃত্তিৰ ৫০০ কোটি টকাত কেলেংকাৰি, সৰৱ খোদ ব’ৰ্ডৰ অধ্যক্ষ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 27, 2020 9:00 pm
Assam minorities development board chairman alleges scam in minority student's scholarship

সংখ্যালঘু ছাত্ৰবৃত্তিৰ ৫০০ কোটি টকাত আত্মসাৎ হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্বয়ং সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মুমিনুল আৱালে।

এই সম্পৰ্কত এখন সংবাদমেল সম্বোধন কৰি সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষই কয় “ছাত্ৰ-ছাত্ৰীৰ বাবে যোৱা ৪টা বছৰত ৫০০ কোটিতকৈও অধিক টকাৰ ছাত্ৰ জলপানি মুকলি কৰি দিয়া হৈছে। সেই জলপানিৰ অধিকাংশ ধনেই আত্মসাৎ হৈছে। এই ধন আত্মসাতত পোনপটীয়াকৈ শিক্ষানুষ্ঠানৰ মুৰব্বী, বিভিন্ন বেংকৰ সেৱা কেন্দ্ৰ, জিলা নডেল বিষয়াৰ কাৰ্যালয়কে ধৰি এটা দালাল চক্ৰই অতি কৌশলৰে ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত শ শ কোটি টকা আত্মসাৎ কৰিছে।”

“টকা আত্মসাতৰ এই চক্ৰটোত শিক্ষানুষ্ঠানৰ প্ৰধানগৰাকীয়ে দুৰ্নীতিৰ দুৱাৰ মুকলি কৰিছে।” আৱালে লগতে কয়।

কেন্দ্ৰীয় চৰকাৰে ২০১৬-১৭, ২০১৭-১৮, ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষত পোষ্ট-মেট্ৰিকত ৮৭ কোটি ৭০ লাখ ৭৩ হাজাৰ ৭৩৭ টকা আৰু ‘মেৰিট কাম মিনছ’ত ৪৮ কোটি ৯০ লাখ ৬১ হাজাৰ ৩৬৭ টকা আৰু প্ৰি-মেট্ৰিক স্কলাৰশ্বিপত ৩৬৪ কোটি ৭৮ লাখ ৬৯ হাজাৰ ৩৭২ টকা সৰ্বমুঠ ৫০১ কোটি ৪০ লাখ ৪ হাজাৰ ৪৭৬ টকা মোকলাই দিছে বুলি আৱালে সদৰী কৰে।

তেওঁ লগতে কয় “ছাত্ৰ-ছাত্ৰীৰ নামত মোকলাই দিয়া এই বৃহৎ পৰিমাণৰ ধন ভুৱা একাউণ্ট খুলি সংশ্লিষ্ট ব্যক্তিসকলে আত্মসাৎ কৰিছে।”

এই সম্পৰ্কত মুখ্য মন্ত্ৰীৰ ওচৰত সংখ্যালঘু বৰ্ডৰ তৰফৰ পৰা এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে বুলি তেওঁ সংবাদমেলত জনায়।

স্মাৰক পত্ৰ প্ৰদান কৰি ব’ৰ্ডৰ অধ্যক্ষ মুমিনুল আৱালে মুখ্য মন্ত্ৰীক এটা তদন্তকাৰী গোট গঠন কৰিবৰ বাবে লিখিতভাৱে অনুৰোধ জনায়।

“এই বৃহৎ কেলেংকাৰিত জড়িত হৈ থকা দোষী ব্যক্তিসকলক আইনৰ অধীনত আনি উচিত শাস্তিৰ ব্যৱস্থা কৰিবলৈ অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব।” আৱালে সংবাদমেলত উল্লেখ কৰে।