NORTHEAST NOW (Assamese)
অসম

অধিৱেশনলৈ আহিব নালাগে প্ৰধান মন্ত্ৰী মোদী, অভূতপূৰ্ব সিদ্ধান্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক January 13, 2019 8:53 pm
pm-modi-at-85th-annual-conference-of-srimanta-sankaradeva-sangha-in-assam

পূৰ্বৰ আমন্ত্ৰণ প্ৰত্যাহাৰ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক মৰিগাওঁ অধিৱেশনলৈ নাহিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুৰোধ কৰিছে সংগঠনটোৱে।

অসমৰ ৰাইজে “বেয়া পোৱা” নাগৰিকত্ব বিধেয়কৰ পক্ষ লোৱা বাবেই গ্ৰহণ কৰা এই অভূতপূৰ্ব সিদ্ধান্ত প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ক জনাই দিছে সংঘই।

“মোদী আজি আছে কাইলৈ নাই। অসমীয়া জাতিৰ সৈতে শ্ৰীমন্ত শংকৰদেৱ সংঘ সদায় থাকিব লাগিব। জাতিয়ে বেয়া পোৱা কাম আমি কেতিয়াও কৰিব নোৱাৰো। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যৰ পৰিস্থিতি সলনি হৈছে। গতিকে আমি তেওঁ অধিৱেশনত উপস্থিত নথকাটোৱে বিচাৰিব লগীয়া হ’ল,” নৰ্থ ইষ্ট নাও-ক দেওবাৰে জনায় সংঘৰ নৱ নিৰ্বাচিত পদাধিকাৰ কমলাকান্ত গগৈয়ে।

উত্তৰ-পূৰ্বাঞ্চলৰ “সৰ্ববৃ্হৎ” ধৰ্মীয় অনুষ্ঠানটোৱে ৮৮সংখ্যক মৰিগাওঁ অধিৱেশনৰ বাবে ইতিমধ্যে যুগুতাই উলিওৱা নিমন্ত্ৰণী পত্ৰটো নাই প্ৰধান মন্ত্ৰীৰ নাম।

যোৱা চেপ্তেম্বৰ মাহত সংঘৰ কাৰ্য্যনিৰ্বাহক সভাৰ সিদ্ধান্ত মৰ্মে প্ৰধান মন্ত্ৰীক অধিৱেশনলৈ আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত লোৱা হৈছিল, জনায় গগৈয়ে।

মোদীৰ আমন্ত্ৰণ প্ৰত্যাহাৰ কৰিলেও অৱশ্যে বিধেয়কখনৰ উদ্যোগ লোৱা অসম বিজেপিৰ নেতাসকলক এতিয়ালৈকে পৰিহাৰ কৰা নাই সংগঠনটোৱে। নিমন্ত্ৰণী পত্ৰত মুখ্য মন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা আদিৰ নাম আছে।

নৱ নিৰ্বাচিত পদাধিকাৰগৰাকীয়ে লগতে জনাই যে শ্ৰীমন্ত শংকৰদেৱ সংঘই জাতীয় অনুষ্ঠান হিচাপে বিধেয়কখনৰ সদায় বিৰোধিতা কৰি যাব।

অহা ৬ৰ পৰা ৯ ফেব্ৰুৱাৰিলৈকে মৰিগাঁৱত অধিৱেশনখন অনুষ্ঠিত হ’ব।