NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথৰ পেট্ৰ’ল পাম্পত চাঞ্চল্যকৰ ডকাইতি কাণ্ড; ছজনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তই লুটি নিলে লক্ষাধিক টকা

Posted by: কাজি জেইদুল ইছলাম January 13, 2019 10:15 pm
Petrol pump

বিশ্বনাথত সংঘটিত হ’বলৈ ধৰিছে এটাৰ পাছত আন এটা ডকাইতি কাণ্ড। বিশ্বনাথৰ এচ্চাৰ পেট্ৰ’ল পাম্পত আজি সন্ধিয়া প্ৰায় ৭ মান বজাত ৬ জনীয়া এটা অস্ত্ৰধাৰী ডকাইতৰ দলে লকাৰ ভাঙি লক্ষাধিক টকা লুটি লৈ যোৱা ঘটনাই সম্প্ৰতি চহৰখনত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে বন্দুক আৰু চোকা অস্ত্ৰ লগত লৈ অহা দুৰ্বৃত্তৰ দলটোৱে বাইকেৰে পেট্ৰ’ল পাম্পত প্ৰৱেশ কৰি তাত কৰ্মৰত কৰ্মচাৰীক ভাবুকি প্ৰদান কৰি বৃহৎ পৰিমাণৰ নগদ ধন লুটি লৈ যায়।

৩ খন বাইকত অহা অচিনাক্ত অস্ত্ৰধাৰী যুৱক ৬ জনে মুখত কাপোৰ বান্ধি চিনিব নোৱাৰাকৈ পেট্ৰ’ল পাম্পত প্ৰৱেশ কৰিছিল।

ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে পেট্ৰ’ল পাম্প কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়াত লগে লগে ঘটনাস্থলত জিনজিয়া আৰক্ষী আৰু বিশ্বনাথ জিলাৰ উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে পাম্পৰ চিচি টিভিৰ ফুটেজ নিৰীক্ষণ কৰিও অনুসন্ধান আৰম্ভ কৰিছে।

ঘটনা সংঘটিত কৰা দুৰ্বৃত্ত ছজনক কৰায়ত্ত কৰাৰ বাবে ইতিমধ্যে আৰক্ষী প্ৰশাসনে তৎপৰতা প্ৰদৰ্শন কৰিছে যদিও এতিয়ালৈকে কোনো ধৰণৰ শু-সূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে।

উল্লেখ্য যে এবছৰৰ ভিতৰতে দ্বিতীয়টো ডকাইতি কাণ্ড সংঘটিত হোৱাত এচ্চাৰ পেট্ৰ’ল পাম্প কৰ্তৃপক্ষ বিমোৰত পৰা পৰিলক্ষিত হৈছে। ইয়াৰ পূৰ্বে যোৱা বৰ্ষৰ ১৩ মে’ত উক্ত পেট্ৰ’ল পাম্পটোত সংঘটিত হৈছিল চাঞ্চল্যকৰ ডকাইতি কাণ্ড।