NORTHEAST NOW (Assamese)
Popular Stories

যৌতুকৰ বাবে লখিমপুৰত বোৱাৰীয়েকক গছত বান্ধি নিৰ্যাতন চলালে শহুৰেকে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 29, 2023 9:30 pm

অসমৰ পুনৰ সংঘটিত হৈছে যৌতুকৰ বাবে সৃষ্টি হোৱা হিংসাত্মক ঘটনা। লখিমপুৰ জিলাত এগৰাকী বিবাহিতা মহিলাক যৌতুকৰ বাবে গছৰ বান্ধি শাৰীৰিক নিৰ্যাতন চলালে শহুৰেকে।

খবৰ অনুসৰি, ২০২০ চনত বিয়াৰ সময়ৰ পৰাই স্বামী আৰু শহুৰেকে মহিলাগৰাকীৰ পৰিয়ালৰ পৰা যৌতুক দাবী কৰি আহিছিল।

ইয়াৰ পূৰ্বে ভুক্তভোগী মহিলাগৰাকীয়ে তেওঁৰ স্বামী আৰু স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে চাউলধোৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও পিছত দুয়োটা পক্ষৰ মাজত বিষয়টো নিষ্পত্তি হয়।

কিন্তু দুৰ্ভাগ্যজনকভাৱে স্বামীৰ পৰিয়ালে মহিলাগৰাকীক যৌতুক দাবী কৰি পুনৰ নিৰ্যাতন চলোৱা আৰম্ভ কৰে।

এই ঘটনাৰ পিছতে এতিয়া ভুক্তভোগী মহিলাগৰাকীয়ে ধেমাজি জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ন্যায় বিচাৰি আবেদন দাখিল কৰিছে।

ইয়াৰ পূৰ্বে যোৱা ২৭ এপ্ৰিলত নগাঁও জিলাত যৌতুকক লৈ এগৰাকী বিবাহিতা মহিলাক শহুৰেকে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

সূত্ৰৰ পৰা জানিব পৰা মতে, ৰূপহীহাটৰ  মহিলাগৰাকীয়ে শহুৰেকৰ যৌতুকৰ দাবী পূৰণ কৰিব নোৱাৰাৰ বাবে স্বামীয়ে নিৰ্যাতন চলাইছিল।

কেইবাদিনো ধৰি মহিলাগৰাকীক শহুৰেকে শাৰীৰিক নিৰ্যাতন চলাই আহিছিল। যাৰ বাবে মাহমুদা বেগম নামৰ মহিলাগৰাকীয়ে চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয়।