NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পূবৰ ‘যুৱ শিল্পীলৈ স্বীকৃতি বঁটা’ৰ বাবে আৱেদন আহ্বান

Posted by: এন ই নাও নিউজ May 3, 2018 10:15 am

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ অধীনস্থ উত্তৰ-পূব মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰই প্ৰতিভাৱান যুৱ শিল্পীলৈ স্বীকৃতি বঁটা (ৰিকগনিশ্যন টু ইয়ং টেলেণ্টেড আৰ্টিষ্ট এৱাৰ্ড, ২০১৭-১৮) ৰ বাবে অঞ্চলটোৰ যোগ্য যুৱ শিল্পীৰ পৰা আৱেদন আহ্বান কৰিছে।

এই ক্ষেত্ৰত প্ৰাৰ্থী গৰাকীৰ বয়স ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগিব বুলি কেন্দ্ৰটোৱে জানিবলৈ দিছে। উক্ত বঁটাৰ অধীনত প্ৰতিগৰাকী বঁটাপ্ৰাপকে নগদ ১০,০০০ টকা আৰু এখন প্ৰশস্তি পত্ৰ লাভ কৰিব।

কেন্দ্ৰটোৱে লগতে জনোৱা অনুসৰি প্ৰাৰ্থীগৰাকী প্ৰাৰ্থী উত্তৰ-পূবৰ খিলঞ্জীয়া বাসিন্দা হোৱাৰ লগতে তেওঁলোকৰ লোকগীত, লোকনৃত্যু, নাটক, সৃজনীমূলক কলা/দৃশ্যকলা, হস্তশিল্প আদি বিষয়ত অভিজ্ঞতা থকাটো বাঞ্ছনীয়।

অৱশ্যে ৰাষ্ট্ৰীয় অথবা ৰাজ্যিক বঁটা লাভ কৰা শিল্পীসকলে এই আঁচনিৰ বাবে আৱেদন কৰিব নোৱাৰিব বুলি কেন্দ্ৰটোৰ ফালৰ পৰা জনোৱা হৈছে।

প্ৰাৰ্থীসকলে বইয়’ ডাটা আৰু নথি-পত্ৰসহ তেওঁলোকৰ আৱেদন ১৪ মে’ৰ ভিতৰত পোৱাকৈ সঞ্চালক, সাংস্কৃতিক পৰিক্ৰমা, ৰবীন্দ্ৰ ভৱন, আমবাৰী, গুৱাহাটী-১ৰ ঠিকনাত পঠিয়াব লাগিব।

ইচ্ছুক প্ৰাৰ্থীসকলে আৱেদন প্ৰ-পত্ৰ গুৱাহাটীৰ আমবাৰীস্থিত সাংস্কৃতিক সঞ্চালকালয়ৰ কাৰ্যালয় অথবা  কেন্দ্ৰটোৰ ফে’চবুক পে’জ http://www.facebook.com/NEZCC ৰ পৰা সংগ্ৰহ কৰিব  পাৰিব।