NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ বেশত অপহৰণকাৰী : দিছপুৰৰ মন্ত্ৰী ক’লনিৰ পৰাই অপহৰণ যুৱকক : সুৰক্ষা ক’ত?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 3, 2023 1:43 pm

দিছপুৰৰ মন্ত্ৰী কলনিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণৰ ঘটনা। ছয়জনীয়া অচিনাক্ত লোকৰ এটা দলে দিছপুৰৰ মন্ত্ৰী ক’লনিৰ পৰা অপহৰণ কৰিছে এজন যুৱকক ।

শান্তনু ৰায় নামৰ অপহৃত যুৱকজনে মঙলবাৰে বিয়লি মন্ত্ৰী কলনীত ইলেক্ট্ৰিচিয়ান হিচাপে কাম কৰি আছিল আৰু তাৰ পৰাই যুৱকজনক অপহৰণ কৰি লৈ যোৱা হয়।

জানিব পৰা মতে শান্তনুৰ ঘৰ ধুবুৰীত।

শান্তনুক অপহৰণ কৰিবলৈ আৰক্ষীৰ ছদ্মবেশ লৈ আহিছিল অপহৰণকাৰী।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে দিছপুৰৰ মন্ত্ৰী ক’লনিত ২৪ ঘন্টাই আৰক্ষী সষ্টম হৈ থকাৰ পিছতো দিন দুপৰতে কেনেকৈ আৰক্ষীৰ চকুত ধূলি দি যুৱকজনক অপহৰণ কৰিলে। যদি এনেদৰেই আৰক্ষীৰ চলুত ধূলি দি অপহৰণকাৰীয়ে মন্ত্ৰী ক’লনিৰ পৰা এজন যুৱকক অপহৰণ কৰিব পাৰে তেন্তে তাত থকা মন্ত্ৰী-বিধায়ক সকলৰ নিৰাপত্তা ক’ত!

জানিব পৰা মতে আৰক্ষীয়ে এই ঘটনাৰ সাক্ষী সকলক সোধ-পোচ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।

ইফালে, শান্তনুৰ পৰিয়ালৰ লোক ধুবুৰীৰ পৰা দিছপুৰলৈ ৰাওনা হৈছে আৰু দিছপুৰ থানাত অপহৰণৰ গোচৰ ৰুজু কৰিবলৈ সাজু হৈছে।