NORTHEAST NOW (Assamese)
Popular Stories

বিয়াৰ নহয়, বিবাহ বিচ্ছেদৰ ফটোশ্বুট কৰি চৰ্চাত এইগৰাকী মহিলা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 3, 2023 2:51 pm

আজিকালি বহুতেই বিয়াৰ আগত ফটোশ্বুট কৰে। বিয়াৰ আগত দৰা-কইনা সুন্দৰ স্থানলৈ ফুৰিবলৈ যায় আৰু স্মৃতিবোৰ ধৰি ৰাখিবলৈ ধুনীয়া ধুনীয়া ফটোৰ বাবে প’জ দিয়ে।

কিন্তু এইবাৰ দেখা গ’ল ইয়াৰ সম্পূৰ্ণ ওলোটা দৃশ্য। বিয়া পতাৰ নহয়, বিয়া ভঙাৰ হে ফটোশ্বুট কৰিলে এগৰাকী মহিলাই। শেহতীয়াকৈ এগৰাকী মহিলাই বিবাহ বিচ্ছেদ উদযাপনৰ বিভিন্ন ছবি ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। তিক্ত সম্পৰ্কৰ পৰা মুক্তি পোৱাৰ বাবেই মহিলাগৰাকীয়ে এনেদৰে উদযাপন কৰিছে নিজৰ বিবাহ বিচ্ছেদ।

উল্লেখ্য যে সময়ৰ লগে লগে বিবাহ বিচ্ছেদৰ সম্পৰ্কেও মানুহৰ ধাৰণা সলনি হৈ গৈ আছে।

মহিলাগৰাকীৰ ফটোত এজন মন্তব্যকাৰীয়ে লিখিছে, “বিবাহ যদি উদযাপনৰ বস্তু হয় তেন্তে বিবাহ বিচ্ছেদ কিয় নহয়?”