NORTHEAST NOW (Assamese)
অসম

এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে প্ৰদেশ কংগ্ৰেছে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 4, 2023 2:38 pm

অসম প্ৰদেশ কংগ্ৰেছে এ আই ইউ ডি এফৰ মুৰব্বী তথা লোকসভাৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে।

অসম কংগ্ৰেছে দলৰ বিৰুদ্ধে অপমানজনক মন্তব্য দিয়াৰ বাবে আজমলৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰে।

লগতে পঢ়ক: মণিপুৰৰ হিংসা ক্ষতিগ্ৰস্ত অঞ্চলত সেনা আৰু আছাম ৰাইফলছৰ ফ্লেগমাৰ্চ; নিৰাপদ আশ্ৰয়ৰ ব্যৱস্থা

আৰক্ষীক দিয়া অভিযোগত অসম প্ৰদেশ কংগ্ৰেছে কয় যে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে অসংসদীয় বক্তব্য প্ৰদান কৰিছিল।

আৰক্ষীৰ এজাহাৰত অসম কংগ্ৰেছে কয়, ‘বদৰুদ্দিন আজমল, সাংসদ তথা এআইইউডিএফৰ সভাপতিয়ে আমাৰ ভাষা, সংস্কৃতি আদিৰ ভাবমূৰ্তিক অপমান কৰাৰ লগতে অসমীয়া সমাজৰ সামাজিক কাঠামো দুৰ্বল কৰাৰ অহৰহ চেষ্টা কৰি আহিছে।‘’

লগতে পঢ়ক: পায়খানাৰ টেংকিত উদ্ধাৰ ১৩ বছৰীয়া ধৰ্ষিতাৰ মৃতদেহ : ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’বনে অসম আৰক্ষী?

উল্লেখযোগ্য যে বদৰুদ্দিন আজমলে শেহতীয়াকৈ বহু বিতৰ্কিত বক্তব্য আগবঢ়াই আহিছে। যোৱা বছৰ আজমলে মুছলমান পুৰুষে ২১ বছৰ বয়স হোৱাৰ পিছত শীঘ্ৰে বিবাহপাশত আবদ্ধ হয়, আনহাতে হিন্দুসকলে অবৈধ সম্পৰ্ক স্থাপনৰ বাবে ৪০ বছৰ বয়সলৈকে অবিবাহিত হৈ থাকে বুলি কৈ বিতৰ্কৰ সৃষ্টি কৰিছিল।