NORTHEAST NOW (Assamese)
Popular Stories

অশান্ত মণিপুৰ : কেন্দ্ৰৰ সহায় বিচাৰি মেৰী কমৰ টুইট

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 4, 2023 2:39 pm
অশান্ত মণিপুৰ : কেন্দ্ৰৰ সহায় বিচাৰি মেৰী কমৰ টুইট

মণিপুৰৰ কিছু অংশত হিংসা আৰু সংঘৰ্ষ চলি থকাৰ মাজতে বৃহস্পতিবাৰে মেৰী কমে নিজৰ ৰাজ্যখনক সহায় কৰিবলৈ কেন্দ্ৰক আবেদন জনাইছে।

হিংসাত আক্ৰান্ত ৰাজ্যখনৰ কেইখনমান ছবি শ্বেয়াৰ কৰি মেৰী কমে টুইটাৰত লিখিছে, “মোৰ ৰাজ্য মণিপুৰ জ্বলি আছে, অনুগ্ৰহ কৰি সহায় কৰক।”

টুইটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ আৰু ৰাজনাথ সিঙকো টেগ কৰে মেৰী কমে।

উল্লেখ্য যে যোৱা নিশাৰ পৰা মণিপুৰৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে।

কালি পৰিস্থিতি ভয়াৱহ হৈ পৰাৰ লগে লগে ৰাজধানী চহৰ ইম্ফলত প্ৰতিবাদ কাৰীয়ে ৰাজহুৱা সম্পত্তি লণ্ড-ভণ্ড কৰে। লাভ কৰা তথ্য অনুসৰি আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা অঞ্চল হৈছে চুৰাচান্দপুৰ আৰু ইম্ফল।

সেনা আৰু ৰাজ্যিক আৰক্ষী বাহিনীয়ে হস্তক্ষেপ কৰি যোৱা নিশাৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

ইফালে মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙে অমিত শ্বাহক পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছে।  আইন-শৃংখলাৰ পৰিস্থিতি মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে ৫ দিনৰ বাবে মোবাইল ইণ্টাৰনেট বন্ধ কৰি দিছে।

বৃহৎ সমাৱেশত নিষেধাজ্ঞাৰ সমান্তৰালকৈ ৰাজ্যৰ কেইবাখনো জিলাত কাৰ্ফিউও জাৰি কৰা হৈছে।

উল্লেখ্য যে মণিপুৰৰ সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ক এছ টি শাখাত অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰি মণিপুৰৰ ১০খন পাহাৰীয়া জিলাৰ আটাইকেইখনতে সমদল উলিয়াবলৈ আহ্বান জনাইছিল সৰ্বজনজাতীয় ছাত্ৰ সন্থা মণিপুৰে।