NORTHEAST NOW (Assamese)
অসম

নাটকৰ যৱনিকা; মুখ্য মন্ত্ৰী ফাৰ্ণবিছৰো পদত্যাগ, ডাৱৰ এতিয়াও আঁতৰা নাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 26, 2019 4:22 pm
Maha Cm

উচ্চতম ন্যায়ালয়ে ২৭ নৱেম্বৰত মহাৰাষ্ট্ৰত আস্থাৰ ভোট অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিয়াৰ পাছতে মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে দেবেন্দ্ৰ ফর্ণবিছে।

দেবেন্দ্ৰ ফর্ণবিছে দ্বিতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ তিনিদিন পাছতে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা নথকা বাবে পদত্যাগ কৰিবলগীয়া হয়।

উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰৰ শেহতীয়া নিৰ্বাচনত বিজেপি, শিৱসেনা, কংগ্ৰেছ, এন চি পিকে ধৰি কোনো এটা দলে সংখ্যা গৰিষ্ঠতা লাভ নকৰাত চৰকাৰ গঠন কৰাক লৈ চৰম অনিশ্চয়তাৰ সৃষ্টি হৈছিল।

শিৱসেনাইৰ বিজেপিৰ সৈতে মিত্ৰজোট হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হলেও বিজেপিৰ সৈতে মুখ্য মন্ত্ৰী পদক লৈ হোৱা সংঘাতৰ বাবে চৰকাৰ গঠন কৰাত অসহযোগ কৰে।

আনহাতে, কোনো এটা ৰাজনৈতিক দলে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰাত মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰা হয়।

ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰাৰ পাছতে বিজেপিয়ে এন চি পিৰ সৈতে লগ হৈ মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰে আৰু ফাড়নৱিছে মুখ্য মন্ত্ৰী, এন চি পিৰ অজিত পাৱাৰে উপ মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

অজিত পাৱাৰে এন চি পিৰ সমৰ্থন বিজপিলৈ আগবঢ়োৱাৰ পাছতে বৰ্ষীয়ান নেতা শৰদ পাৱাৰে এন চি পিয়ে বিজেপিক সমৰ্থন দিয়া নাই বুলি জনাই আৰু শিৱসেনা, কংগ্ৰেছৰ সৈতে দলৰ বিধায়ক সকলক লগত লৈ সংখ্যা গৰিষ্ঠতা প্ৰমাণ কৰে।

সমগ্ৰ উত্থান পটনৰ পাছত সোমবাৰে অজিত পাৱাৰে উপ মুখ্য মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে আৰু পৰৱৰ্তী সময়ত দেৱেন্দ্ৰ ফড়নৱিছেও পদত্যাগ কৰে।