NORTHEAST NOW (Assamese)
Popular Stories

ভাষাৰ উন্নতিৰ বাবে প্ৰয়োজন গভীৰ টোপনিৰ, গৱেষণাত ওলাল আচৰিত তথ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 5, 2023 7:58 pm
Learn New Words During Deep Sleep

ভাষাৰ লগত টোপনি আৰু সপোনৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। ভাল টোপনিয়েও আমাৰ ভাষাৰ উন্নতি সাধন কৰে। শেহতীয়াকৈ ইয়ৰ্ক বিশ্ববিদ্যালয়ত কৰা গৱেষণাত দেখা গৈছে যে দুৰাতিৰ টোপনিয়ে আমাৰ ভাষাৰ শব্দৰ সম্ভাৰত এক নতুন শব্দ যোগ কৰে। এই প্ৰক্ৰিয়া চিৰদিনৰ বাবে চলি থাকে।

আমাৰ ভাষাটো টোপনিৰ সময়ত আপডেট হয়। এনেকৈ ক’ৰবাত শুনা শব্দবোৰ আমাৰ ভাষাৰ অংগ হৈ পৰে। ইয়াৰ কাৰণ হ’ল অৱচেতন মনত শব্দৰ প্ৰতি থকা মোহ।

টোপনিত মনটোৱে শব্দৰ লগত খেলা কৰে। এই প্ৰক্ৰিয়াটো ১০ বছৰ বয়সলৈকে অতি দ্ৰুতগতিত চলি থাকে। সেইবাবেই শিশুক সম্পূৰ্ণকৈ শুবলৈ দিয়া উচিত বুলি কোৱা হয়। শিশুৰ দীঘলীয়া টোপনিৰ সময়ত ভাষা শিকাৰ প্ৰক্ৰিয়াটো অব্যাহত থাকে।

আনহাতে সপোনতো মানুহে ভাষা ভালকৈ ব্যৱহাৰ কৰে। ইউনি. অফ ইয়ৰ্কৰ স্লিপ, লেংগুৱেজ এণ্ড কনচিয়নেছ লেবৰ মনোবিজ্ঞানৰ অধ্যাপক গেৰেথ গাস্কেলে কয়, “বহু সময়ত সপোনত আমি এনে ভাষা কওঁ যিটো আমি এতিয়াও শিকি আছো।”

যেনেকৈ ভঙা ভঙা ইংৰাজী জনা হিন্দী ভাষী এজনে সপোনত ইংৰাজীত কথা পতা দেখা যায়। সপোনত মানুহৰ কথিত ভাষাৰ স্তৰ তেওঁৰ প্ৰকৃত ক্ষমতাতকৈও ভাল হৈ পৰে। কাৰণ সপোনত মনটোৱে এনে শব্দৰ বহু ব্যৱহাৰ কৰে, যিবোৰ অৱচেতন মনৰ মাজত লুকাই থাকে।

অধ্যয়নত এইটোও পোৱা গৈছে যে যিসকলে কথা ক’ব নোৱাৰে বা শুনিব নোৱাৰে, তেওঁলোকৰ সপোনত কোনো ভাষা নাথাকে। ইংগিতেৰে কথা পাতে।

গাস্কেলে কয়, “যেতিয়াই আমি নতুন শব্দ এটা শিকো তেতিয়াই ইয়াক ভালদৰে ব্যৱহাৰ কৰিবলৈ শব্দটো মনত আপডেট কৰিব লাগে। ইয়াৰ বাবে টোপনিৰ প্ৰয়োজন। আচলতে টোপনিৰ সময়তহে মগজুৱে ইতিমধ্যে থকা জ্ঞানৰ সৈতে নতুন জ্ঞানৰ মিলন ঘটাবলৈ সক্ষম হয়।”

গৱেষণাটোত এইটোও দেখা গৈছে যে আমি সপোন দেখি থকাৰ সময়ত মগজুৱে সপোন ভাঙিব পৰা শব্দ শুনিবলৈ বন্ধ কৰি দিয়ে।