NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত পিঞ্জৰাবদ্ধ দুটা নাহৰফুটুকী; তীব্ৰবেগী বাহনৰ খুন্দাত নিহত আন এটা

Posted by: অভিক চক্ৰৱৰ্তী, ডিব্রুগড় Updated by: অভিক চক্ৰৱৰ্তী, ডিব্রুগড় May 8, 2023 7:55 am

ৰাজ্যৰ বন বিভাগে দেওবাৰে (০৭ মে’) ডিব্ৰুগড় জিলাত দুটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ কৰাৰ বিপৰীতে  আন এটা নাহৰফুটুকীক তীব্ৰবেগী বাহনে খুন্দিয়াই নিহত কৰে।

বন বিভাগৰ বিষয়াসকলে জনোৱা মতে, দেওবাৰে পুৱা ডিকমৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এটা পূৰ্ণবয়স্ক নাহৰফুটুকী মৃত অৱস্থাত উদ্ধাৰ হয়।

বন বিভাগৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, বাঘটোৱে হয়তো ঘাইপথ পাৰ হ’বলৈ চেষ্টা কৰিছিল য’ত তীব্ৰবেগী বাহনে খুন্দা মৰাৰ ফলত মৃত্যু হয়।

লগতে পঢ়ক: চখেই কাল হ’ল! ঘোঁৰা দৌৰাবলৈ গৈয়েই মৃত্যু মাতিলে মিছ ইউনিভাৰ্ছ প্ৰতিযোগীয়ে

আনহাতে, দেওবাৰে ডিব্ৰুগড় জিলাৰ মাইজান আৰু চিঙলিজান চাহ বাগিচাত এটাকৈ নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰা হয়।

এই বাগিচা আৰু ইয়াৰ কাষৰীয়া অঞ্চলত নাহৰফুটুকীয়ে সন্ত্ৰাস সৃষ্টি কৰাৰ অভিযোগ পোৱাৰ পিছতে বন বিভাগৰ লোকে এই বাগিচাত পিঞ্জৰা স্থাপন কৰিছিল।

 ‘’বনাঞ্চলৰ পৰিমান সংকুচিত হোৱাৰ বাবেই অসমত মানুহ-বন্যপ্ৰাণীৰ সংঘাত বৃদ্ধি পাই আহিছে। সমস্যাটো সোনকালে সমাধান কৰা উচিত,’’-এগৰাকী পৰিৱেশবিদে এইদৰে কয়।

লগতে পঢ়ক: চাণক্য নীতি: এনে বন্ধুৰ পৰা সাৱধান হওক, নহ’লে হ’ব পাৰে ডাঙৰ বিপদ

পৰিৱেশবিদগৰাকীয়ে লগতে কয়, “গাঁও অঞ্চলসমূত বহু সময়ত নাহৰফুটুকীৰ বিচৰণ দেখা গৈছে। খাদ্যৰ সন্ধানত সিঁহতে মানুহৰ বসতিৰ দিশে ঢাপলি মেলিছে। ইয়াৰ ফলত সংঘাতৰ সৃষ্টি হৈছে।‘’