লক্ষ্মী লাভ ! ৰাজস্থানৰ মাটিৰ তলত ওলোৱা সম্পদে ধনী কৰিব ভাৰতক

চাৰি মাহ পূৰ্বে জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ ছালাল-হাইমানা অঞ্চলত সন্ধান পোৱা গৈছিল বৃহৎ পৰিমাণৰ লিথিয়ামৰ। এই সন্ধানে কাৰ্যতঃ সকলোকে আচৰিত কৰি তুলিছিল।
ডাঙৰ খবৰটো হৈছে যে যে শেহতীয়াকৈ ৰাজস্থানতো এই মূল্যৱান লিথিয়াম পোৱা গৈছে।
তথ্য অনুসৰি ৰাজস্থানৰ ডেগানা অঞ্চলত লিথিয়াম খনি পোৱা গৈছে বুলি জানিব পৰা গৈছে। আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল ভাৰতৰ ভূতাত্ত্বিক জৰীপে ইতিমধ্যে প্ৰকাশ কৰিছে যে যোৱা ফেব্ৰুৱাৰী মাহত জম্মু-কাশ্মীৰত পোৱাতকৈ ৰাজস্থানত অধিক লিথিয়ামৰ মজুত আছে।
লগতে পঢ়কঃ অ’ভাৰলেপিঙৰ বিৰোধিতাৰে কলগাছিয়াত DYFI আৰু SFI ৰ বিক্ষোভ কাৰ্যসূচী
ইয়াৰ উপৰিও ৰাজস্থান চৰকাৰী বিষয়াসকলে দাবী কৰিছে যে ৰাজ্যখনত পোৱা লিথিয়ামৰ পৰিমাণে দেশৰ চাহিদাৰ ৮০ শতাংশতকৈও অধিক প্ৰয়োজন সহজেই পূৰণ কৰিব পাৰে। কিন্তু ৰাজস্থানত পোৱা লিথিয়ামৰ সঠিক পৰিমাণ এতিয়াও জানিব পৰা হোৱা নাই।
মন কৰিবলগীয়া যে স্মাৰ্টফোন আৰু লেপটপত ব্যৱহৃত বেটাৰীৰ অন্যতম প্ৰধান উপাদান লিথিয়াম। ইয়াৰ উপৰিও শেহতীয়া বৈদ্যুতিক বাহনত লিথিয়ামৰ ভূমিকা অপৰিসীম। সেয়েহে দেশত লিথিয়াম খনি বিচাৰি পোৱাটো নিঃসন্দেহে এক ডাঙৰ কথা।
লগতে পঢ়কঃ জোকৰ মুখত চূণ! প্ৰধান মন্ত্ৰীক উদ্দেশ্যি কি লিখিলে প্ৰাক্তন আই পি এছ বিষয়াই?
ইফালে এতিয়ালৈকে ভাৰতে এই লিথিয়ামৰ বাবে আন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। কিন্তু দেশত লিথিয়ামৰ বৃহৎ মজুত থকাৰ বাবে এই নিৰ্ভৰশীলতা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ পৰিসংখ্যা অনুসৰি সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক লিথিয়ামৰ মজুত থকা দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান সপ্তম।
লগতে পঢ়কঃ মৰমৰ জেকলিন… কাৰাগাৰৰ পৰাই প্ৰেমৰ চিঠি সুন্দৰী প্ৰেয়সীলৈ; কি লিখিলে ঠগ সুকেশে?