NORTHEAST NOW (Assamese)
Popular Stories

যিকোনো মুহূৰ্ততে পাকিস্তানৰ আক্ৰমণৰ সন্মুখীন হ’ব পাৰে ভাৰত – কুটনৈতিক মহলৰ দাবী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 11, 2023 8:15 am

পাকিস্তানৰ পূৰ্ব প্ৰধানমন্ত্ৰী ইমৰাণ খানক মঙলবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছতেই অশান্তিত জৰ্জৰিত হৈ পৰিছে পাকিস্তান। সেনাৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰতিবাদ। ৰাজহুৱা সম্পত্তি ভাঙি লণ্ড-ভণ্ড কৰিছে ইমৰাণ খানৰ সমৰ্থনকাৰীয়ে।

পাকিস্তানৰ কেইবাখনো চহৰত সেনাবাহিনীৰ উচ্চ পদস্থ বিষয়াৰ বাসগৃহত আক্ৰমণ কৰিছে প্ৰতিবাদকাৰীয়ে। আনহাতে প্ৰতিবাদী জনতাই ৰাৱালপিণ্ডিত পাকিস্তানী সেনাৰ মুখ্য কাৰ্যালয়ৰ গেট ভাঙি ভিতৰলৈ সোমাই যায়।

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি পাকিস্তানৰ অস্থিৰ পৰিস্থিতিৰ মাজতে ভাৰতে সীমান্তত কঠোৰ চোৰাংচোৱাগিৰি অব্যাহত ৰাখিছে।

এই পৰিস্থিতিত ভাৰতে আশংকা কৰিছে যে পাকিস্তান সেনাই দেশৰ অস্থিৰ পৰিস্থিতিৰ পৰা দৃষ্টি আঁতৰাবলৈ যুদ্ধবিৰতি উলংঘা কৰিব পাৰে। ৰাইজৰ ক্ষোভৰ পৰা হাত সাৰিবলৈ ভাৰতৰ ওপৰত দোষ জাপি দি পাক বাহিনীয়ে যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত সীমান্তত যিকোনো ধৰণৰ উত্তেজনা ৰোধ কৰাৰ লগতে সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধৰ বাবে ভাৰতে কঠোৰ সতৰ্কতা অৱলম্বন কৰি আহিছে।

জানিব পৰা মতে, পাকিস্তানে যোৱা নিশালৈকে আগৰ দৰেই সেনা জোৱানক সীমান্তত ৰাখিছে।

ইফালে পাকিস্তানৰ বহু ঠাইত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ সলনি ৰেঞ্জাৰক নমাই অনা হৈছে। জানিব পৰা মতে, দেশজুৰি হোৱা সংঘৰ্ষত তিনি যুৱকে প্ৰাণ হেৰুৱাইছে আৰু বহুকেইজন লোক গুৰুতৰভাৱে আহত হৈছে।