NORTHEAST NOW (Assamese)
অসম

মৰ্মান্তিক! দুজন বন্ধুক বচাবলৈ গৈ পানীত ডুবি মৃত্যু একেলগে ৫ জন কিশোৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 14, 2023 11:03 am

এক হৃদয় বিদাৰক ঘটনা। বন্ধুক বচাবলৈ গৈ কোনোৱেই নাবাচিল। ৫ জন কিশোৰ একেলগে উটি গ’ল পানীত।

গুজৰাটৰ কৃষ্ণ সাগৰ হ্ৰদত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা।

শনিবাৰে বিয়লি হ্ৰদটোত সাঁতুৰি আছিল ১৫ বছৰীয়া দুটা কিশোৰে। হঠাতে সিহঁতক ছটফটাই থকা দেখি বাকী ৩জনে সিহঁতক বচাবলৈ আগবাঢ়ি আহিল।

লগতে পঢ়ক: নিৰংকুশ বিজয়! কৰ্ণাটকত সম্পূৰ্ণ অক্সিজেন ল’লে কংগ্ৰেছে; উশাহ লোৱাত কষ্ট পাইছে বিজেপিয়ে

তিনিওজনে পানীত জপিয়াই দুজন বন্ধুক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু সেই সময়ত পানীত ডুব গৈ ৫ জন কিশোৰৰে মৃত্যু ঘটে।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। কিন্তু কাকো ৰক্ষা কৰিব পৰা নাছিল।

লগতে পঢ়ক: পাঁচ তাৰকাযুক্ত হোটেলত উৎখাত দেহ ব্যৱসায় চক্ৰ; উদ্ধাৰ অভিনেত্ৰী, মডেল

আৰক্ষীয়ে এতিয়াও দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।