NORTHEAST NOW (Assamese)
অসম

ইউৰোপৰ সৰ্বোচ্চ শৃংগ মণ্ট ব্লাংক জয় কৰিলে অসমৰ পৰ্বতাৰোহী মনীষ ডেকাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 4, 2023 8:22 am

অসমৰ মনীষ ডেকাই ইউৰোপৰ সৰ্বোচ্চ শৃংগ মণ্ট ব্লাংক-ত আৰোহন কৰিছে।

মনীষ ডেকা গুৱাহাটী মহানগৰীৰ হাতীগড় চাৰিআলি অঞ্চলৰ বাসিন্দা।

মনীষ ডেকাই দেওবাৰে (০৪ ছেপ্টেম্বৰ) মণ্ট ব্লাংকৰ শিখৰত উপস্থিত হয়।

মণ্ট ব্লাংক অৰ্থাৎ “বগা পৰ্বত” আল্পছ আৰু পশ্চিম ইউৰোপৰ আটাইতকৈ ওখ পৰ্বত।

লগতে পঢ়ক: ‘মুক্তিতো নিস্পৃহ যিটো…’ আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত ৰাজ্যবাসীৰ শ্ৰদ্ধাঞ্জলি

ককেছাছ পৰ্বতৰ বাহিৰত ই ইউৰোপৰ সৰ্বোচ্চ পৰ্বত।

মণ্ট ব্লাংক সমুদ্ৰপৃষ্ঠৰ পৰা ৪,৮০৭.৮১ মিটাৰ (১৫,৭৭৪ ফুট) উচ্চতাত অৱস্থিত। ই ফ্ৰান্স-ইটালীৰ সীমান্তত অৱস্থিত।

মাউণ্ট এলব্ৰাছৰ পিছত এইখন ইউৰোপৰ আটাইতকৈ সুউচ্চ পৰ্বত।

লগতে পঢ়ক: প্ৰসিদ্ধ গীতিকাৰ তথা গায়ক জিমি বাফেটৰ ৭৬ বছৰ বয়সত দেহাৱসান

মণ্ট ব্লাংক বিশ্বৰ একাদশ সুউচ্চ পৰ্বতৰ শিখৰ।

ইয়াৰ পূৰ্বে অসমৰ পৰা মনীষ ডেকাই যোৱা ২৪ মে’ত মাউণ্ট এভাৰেষ্ট জয় কৰিছিল।