NORTHEAST NOW (Assamese)
Popular Stories

মেজিক চালকে বিচাৰিছিল অতিৰিক্ত ভাড়া : মাত্ৰ ১০ টকাৰ বাবে যাত্ৰীয়ে ছুৰী মাৰিলে চালকক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 14, 2023 6:03 pm

গুৱাহাটীৰ ৰাজপথত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। শনিবাৰে গুৱাহাটীৰ মালিগাঁৱৰ পৰা বৰাগাঁৱলৈ যোৱা এখন মেজিকৰ চালকে যাত্ৰীৰ পৰা অতিৰিক্ত ভাড়া বিচৰাৰ অভিযোগত এজন যাত্ৰীয়ে ছুৰীৰে আঘাত কৰে মেজিকখনৰ চালকক।

উল্লেখ্য যে নিয়মিয়া ভাড়াতকৈ যাত্ৰীৰ পৰা অতিৰিক্ত ১০ টকা ভাড়া বিচাৰিছিল মেজিকখনৰ চালকগৰাকীয়ে।

জানিব পৰা মতে আহত মেজিক চালকগৰাকীৰ নাম অভিনাশ দাস। ইতিমধ্যে দাসক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

খবৰ অনুসৰি, মালিগাঁৱৰ পৰা বৰাগাঁওলৈ যোৱা দুজন যাত্ৰীৰ পৰা ৩০ টকা ভাড়া দাবী কৰাৰ পিছতে চালক আৰু যাত্ৰীজনৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্ক হয়।

কিন্তু যাত্ৰীগৰাকীয়ে ৩০ টকা দিবলৈ অস্বীকাৰ কৰি মাত্ৰ ২০ টকাহে দিব বুলি কয়।

ইয়াৰ পিছতে অতিৰিক্ত ১০ টকা নিদিলে ভয়াৱহ পৰিৱেশন সৃষ্টি হ’ব বুলি ভাবুকি প্ৰদান কৰে চালকগৰাকীয়ে। ফলস্বৰূপে চালকজনক ছুৰীৰে আঘাত কৰে যাত্ৰীগৰাকীয়ে।

ঘটনাৰ পিছত অঞ্চলটোৰ স্থানীয় লোকে দোষীক আটক কৰি জালুকবাৰী আৰক্ষীক গতাই দিয়ে।

ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।