NORTHEAST NOW (Assamese)
Popular Stories

বেংক বেলেঞ্চ ‘শূন্য’ হ’লেও কাটিব নোৱাৰে পেনাল্টি; জানি লওক RBI-ৰ নতুন নিয়ম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 16, 2023 12:27 pm

যদি আপোনাৰ বেংকে অকাৰণতে আপোনাৰ একাউণ্টৰ পৰা ধন কৰ্তন কৰি থাকে তেন্তে এই খবৰটো গুৰুত্বপূৰ্ণ। আমি প্ৰায়ে শুনিছো আৰু দেখিছো যে বেংকে আমাৰ একাউণ্টৰ পৰা কোনো কাৰণ নোহোৱাকৈ টকা কৰ্তন কৰে আৰু তাৰ পিছত একাউণ্টটো খালী হৈ পৰে। তেতিয়া গ্ৰাহকৰ হাতত একাউণ্টটো বন্ধ কৰাৰ বাহিৰে আন কোনো বিকল্প নাথাকে। যদি আপুনিও একে সমস্যাৰ সন্মুখীন হৈছে, তেন্তে এই বিষয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (RBI) নিয়মে কি কয় চাওক।

নূন্যতম বেলেঞ্চ বজাই ৰাখক: আজিকালি সকলোৱে চেভিংছ বেংক একাউণ্ট পছন্দ কৰে। বেংকে গ্ৰাহকক চেভিংছ একাউণ্ট খোলাৰ সময়ত এটা চৰ্ত ৰাখে যে বেংক একাউণ্ট খোলাৰ পিছত একাউণ্টত নূন্যতম বেলেঞ্চ ৰাখিব লাগে। এই নূন্যতম বেলেঞ্চ সীমাও বেংকসমূহে নিজেই নিৰ্ধাৰণ কৰে। গ্ৰাহকৰ একাউণ্টত নূন্যতম বেলেঞ্চ ৰখা নহ’লে গ্ৰাহকৰ একাউণ্টৰ পৰা জৰিমনা কৰ্তন কৰা হ’ব। ই আৰ বি আইৰ নীতি-নিয়মৰ অধীনত।

আৰ বি আইৰ নিয়মে কি কয়: আৰ বি আইৰ নিয়ম অনুসৰি নূন্যতম বেলেঞ্চ নাথাকিলেও বেংকে গ্ৰাহকৰ একাউণ্টৰ পৰা ধন কৰ্তন কৰিব নোৱাৰে। একে সময়তে বেংকে জৰিমনাৰ নামত কাটি নিয়াৰ জৰিয়তে গ্ৰাহকৰ একাউণ্ট কৰ্তন কৰিব নোৱাৰে। তথাপিও যদি কোনো বেংকে এনে কৰে তেন্তে গ্ৰাহকে আৰ বি আইৰ কাষ চাপি বেংকৰ বিৰুদ্ধে অভিযোগ দিব পাৰে।

ক’ত অভিযোগ কৰিব? যদি বেংকে আপোনাৰ একাউণ্টৰ পৰা ধন কৰ্তন কৰিছে তেন্তে আপুনি আৰ বি আইৰ ৱেবছাইটত গৈ অভিযোগ কৰিব পাৰে। আপোনাৰ অভিযোগৰ ভিত্তিত আৰ বি আই বেংকে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল’ব।