NORTHEAST NOW (Assamese)
Popular Stories

মুখত অজস্ৰ ফুটা : এসময়ত বলিউডৰ চেলিব্ৰেটি আজি পথৰ চাহ দোকানী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 22, 2023 1:56 pm

কাশী সাহা বা ডান্সাৰ কাশী বুলি ক’লে তেওঁক সকলোৱে চিনি পায়। তেওঁক এবাৰ যি লগ পাই বা দেখে সি তেঁওক কেতিয়াও পাহৰিব নোৱাৰে। কাৰণ তেওঁৰ মুখাৱয়ব আনৰ দৰে নহয়। তেওঁ দেখিবলৈ আনতকৈ পৃথক।

কিয়নো মুখমণ্ডলত অজস্ৰ ফুটা কৰি তেওঁ পিন্ধি লৈছে বিভিন্ন ৰকমৰ ফুলি আৰু লকেট।  দুটা ভ্ৰু, নাক, ওঁঠ, গালৰ ক’তো খালী নাই। সকলোতে মাথো ওলমি আছে লকেট। লকেটৰ ওজনত কাণ দুখন প্ৰায় দোঁ খাই গৈছে। 

এসময়ত বলীউড-টলিউডৰ চিনাকি মুখ আছিল কাশী সাহা। তেখেতৰ আচল নাম কাৰ্তিক চন্দ্ৰ সাহা. কিন্তু স্থানীয় লোকে তেওঁক ‘কাশী’ বুলিয়েই চিনি পায়।

কাশীয়ে নিজকে এগৰাকী নৃত্যশিল্পী, যুঁজাৰু আৰু অভিনেতা হিচাপে জনপ্ৰিয়তা অৰ্জন কৰিছিল। এসময়ত তেওঁ বলীউডৰ ছবিত খলনায়ক হিচাপে অতি জনপ্ৰিয় আছিল। জয়াপ্ৰদাৰ দৰে অভিনেত্ৰীৰ সৈতেও অভিনয় কৰিছিল কাশীয়ে। 

সেই দিনবোৰ শেষ হৈ গ’ল যদিও কাশী সাহা পৰ্দাৰ ‘খলনায়ক’ হিচাপে আজিও হাবৰাবাসীৰ মাজত জনপ্ৰিয়। সময়ৰ পাকচক্ৰত পৰি একালৰ বলিউডৰ জনপ্ৰিয় অভিনেতা কাশী আজি পথৰ কাষৰ চাহ দোকানী।

পৰিয়াল চলাবলৈ তেওঁ চাহৰ দোকান এখনৰ ওপৰত নিৰ্ভৰ কৰে। কাশীয়ে ক্ৰেতাক আকৰ্ষিত কৰাৰ বাবে মুখমণ্ডল ফুটা কৰি ১০০ৰো অধিক লকেট পিন্ধি লৈছে। 

হাবৰা মানুহ কাশীক এনেকৈ দেখাত অভ্যস্ত। সৰুৰে পৰা নৃত্যৰ প্ৰতি তেওঁৰ আগ্ৰহ আছিল। তাৰপিছত ষ্টানমেন আৰু ফাইটাৰ হিচাপেও কাম কৰিছিল কাশীয়েল। কেইবাখনো হিন্দী ছবিত খলনায়ক হিচাপে অভিনয় কৰিছে কাশীয়ে। ধাৰাবাহিকতো কাম কৰিছিল কাশীয়ে।

কিন্তু আজি উদ্যোগটোৱে কাশীক পাহৰি গৈছে। 

উল্লেখ্য যে দৰ্শকৰ বাবে কাশী ‘খলনায়ক’  যদিও নিজৰ পুত্ৰৰ বাবে কাশী সদায় ‘নায়ক’। হাইস্কুলত উত্তীৰ্ণ পুত্ৰক নৃত্য আৰু কাৰাটে শিকাইছে কাশীয়ে। কাশীয়ে পুত্ৰৰ চকুৰে সপোন দেখিছে। পুত্ৰক এগৰাকী সফল ফাইটাৰ আৰু নৃত্যশিল্পী হিচাপে প্ৰতিষ্ঠা কৰিব খুজিছে কাশীয়ে।