NORTHEAST NOW (Assamese)
অসম

উৎকোচৰ বিনিময়ত চাকৰি: ৫গৰাকী কৰ্ণেলকে ধৰি ১৭ গৰাকী সেনা বিষয়াৰ বিৰুদ্ধে অভিযোগ দাখিল চিবিআইৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 16, 2021 11:10 am
CBI booked Army officials

সেনা ভৰ্তিত বৃহৎ দুৰ্নীতিৰ সন্ধান লাভ কৰিছে চিবিআইয়ে।পাঁচ গৰাকী লে: কৰ্ণেল আৰু দুগৰাকী মেজৰকে ধৰি ১৭গৰাকী ভাৰতীয় সেনা বিষয়াৰ বিৰুদ্ধে চিবিআইয়ে দুৰ্নীতি তথা অপৰাধমূলক ষড়যন্ত্ৰত জড়িত থকাৰ অভিযোগ দাখিল কৰিছে।

তদুপৰি, ছয়গৰাকী অসামৰিক ব্যক্তিৰ বিৰুদ্ধেও গোচৰ তৰা হৈছে। চাৰ্ভিছ চিলেকশ্যন (এছ এছ বি) কেন্দ্ৰত এই নিযুক্তি কেলেংকাৰি সংঘটিত হৈছিল।

সোমবাৰে দেশৰ ১৩খন চহৰৰ প্ৰায় ৩০টাকৈ স্থানত চিবিআইয়ে তালাচী চলায়। দিল্লীৰ উপৰি অসম, পঞ্জাৱ, উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশত এই তালাচী চলিছিল।

লেফটেনেন্ট কৰ্ণেল ভগবান নামৰ বিষয়াজনক এই গোটেই চক্ৰটোৰ মূল ব্যক্তি বুলি কোৱা হৈছে। ভগবান আৰু তেওঁৰ সহযোগীসকলে অবৈধভাৱে প্ৰাৰ্থীসকলক সেনাত নিযুক্তি দিয়া বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, ভিজিলেন্স শাখাৰ বিষয়া ব্ৰিগেডিয়াৰ পুৰোহিতৰ অভিযোগৰ ভিত্তিততে চিবিআইয়ে এইদৰে গোচৰ দাখিল কৰে।

তেওঁ জানিবলৈ দিয়ে যে দিল্লীৰ সেনা হাস্পাতলত যিসকল প্ৰাৰ্থীক প্ৰত্যাখ্যান কৰা হৈছিল তেওঁলোকক উৎকোচৰ বিনিময়ত শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়া হৈছে।

এইক্ষেত্ৰত বিষয়াসকলৰ পৰিয়ালৰ লোকো জড়িত থকা বুলি কোৱা হৈছে। উদাহৰণস্বৰূপে সুৰেন্দ্ৰ কুমাৰ নামৰ বিষয়াগৰাকীৰ পিতৃ-মাতৃ আৰু পত্নীৰ বিৰুদ্ধেও গোচৰ দাখিল কৰা হৈছে।

বাতৰি অনুসৰি, এই অভিযোগ সন্দৰ্ভত যথেষ্ট তথ্য প্ৰমান লাভ কৰা হৈছে আৰু সেইবাবেই গোচৰটো চিবিআইক অৰ্পণ কৰা হৈছে।