NORTHEAST NOW (Assamese)
অসম

‘চিৰিয়াখানা সুৰক্ষা মঞ্চ’ক অভিযোগ প্ৰমাণৰ বাবে আহ্বান চিৰিয়াখানা কৰ্তৃপক্ষৰ

Posted by: কল্পজ্যোতি শইকীয়া May 3, 2018 10:21 pm
Zoo-Broken-Wall assam

চিৰিয়াখানাৰ বিষয়াই হৰিণা ভক্ষণ কৰা আৰু চিৰিয়াখানাৰ বেৰা নিৰ্মাণ নকৰাৰ লগতে নিশা আবাসিক এলেকালৈ অহা গাড়ীয়ে হৰিণ খুন্দিয়াই মৰা বুলি যোৱা ২২ এপ্ৰিলত এক সংবাদ মেলত অভিযোগ উত্থাপন কৰা চিৰিয়াখানা সুৰক্ষা মঞ্চক অভিযোগসমূহৰ তথ্যপ্ৰমাণ বিচাৰিছে চিৰিয়াখানা ( Assam State Zoo ) কৰ্তৃপক্ষই।

চিৰিয়াখানাৰ সহকাৰী বন সংৰক্ষক ও সহকাৰী বন বিষয়াৰ কাৰ্য্যালয়ত অহা ৫ মে’ৰ দিনৰ ১১ বজাৰ ভিতৰত অভিযোগৰ প্ৰমাণ দিবৰ বাবে চিৰিয়াখানা সুৰক্ষা মঞ্চক অনুৰোধ জনাই বুধবাৰে এখন জাননী প্ৰেৰণ কৰিছে চিৰিয়াখানাৰ সহকাৰী বন সংৰক্ষক ও সহকাৰী বন বিষয়াই।

আনহাতে চিৰিয়াখানা কৰ্তৃপক্ষৰ জাননীৰ পিছতে চিৰিয়াখানা সুৰক্ষা মঞ্চই নৰ্থ ইষ্ট নাওক জনাই ‘যাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হয়, তেওঁৰ ওচৰত তথ্য-প্ৰমাণ দাখিল কৰা ঘটনা পৃথিৱীৰ ক’তো শুনিবলৈ পোৱা নাযায়। যাৰ ওচৰত অভিযোগ উত্থাপন কৰা হয়, তেওঁকহে প্ৰমাণ দাখিল কৰা হয়।’

উল্লেখযোগ্য যে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চিৰিয়াখানাৰ ডি এফ অ’ টেৰজ মৰিস্বামীয়ে সীমাৰ ভগা দেৱালৰ বাহিৰে চিৰিয়াখানা সুৰক্ষা মঞ্চৰ বাকী অভিযোগসমূহ অস্বীকাৰ কৰিছিল। পৰ্য্যায়ক্ৰমে ভঙা দেৱালবোৰ মেৰামতি কৰা হ’ব বুলিও তেওঁ মন্তব্য কৰিছিল।