• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিষয়া-মন্ত্ৰীৰ ‘হৰিণাৰ ফাৰ্ম’ গুৱাহাটীৰ চিৰিয়াখানা; অভিযোগ অস্বীকাৰ ডি এফ অ’ৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 19, 2018 7:02 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাত কৰ্তৃপক্ষই চিৰিয়াখানাখনৰ হৰিণা খোৱাৰ গুৰুতৰ অভিযোগ তুলিছে ‘চিৰিয়াখানা সুৰক্ষা মঞ্চ’ই। আনহাতে এই অভিযোগ অস্বীকাৰ কৰিছে চিৰিয়াখানাৰ দায়িত্ববাহী বন বিষয়াই।

চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সম্পাদক ৰাজকুমাৰ বৈশ্যই নৰ্থ ইষ্ট নাওক ‘ঘৰলৈ আলহী আহিলে যিদৰে ফিচাৰিৰ পৰা মাছ আনি আলহীক খাবলৈ দিয়া হয়, ঠিক তেনেদৰে চিৰিয়াখানাৰ বিষয়াসকল তথা মন্ত্ৰীসকলৰ বাবে এইখন এখন হৰিণাৰ ফাৰ্ম।’

Apply Now

তেওঁ লগতে দাবী কৰে যে ‘৬ মাহ আগলৈকে হৰিণে মানুহৰ গাত খুন্দিয়াই গৈছিল। এতিয়া আমি হৰিণ বিচাৰি ফুৰিব লাগে, য’ত-ত’ত এটা দুটাৰ বাহিৰে আমি জাকৰুৱা হৰিণ দেখা নাপাওঁ। কেইবছৰমান আগতে কৰ্তৃপক্ষই আমাক কৈছিল ১২০০ হৰিণ থকা বুলি, কেইমাহমান পূৰ্বে ৪০০ হৰিণ থকা বুলি ক’লে। আৰ টি আইৰ যোগেদি যিখিনি তথ্য পাইছিলো সেয়া সম্পূৰ্ণ খেলি-মেলিৰে ভৰপূৰ।‘

চিৰিয়াখানাৰ ভগা দেৱালবিলাকেদি ৰাতি হৰিণবিলাক ওলাই যায় আৰু প্ৰায় প্ৰত্যেকদিনাই গাড়ীৰ খুন্দাত এটাকৈ হৰিণ নিধন হয় বুলি দাবী কৰি তেওঁ কয় যে তাৰ পিছতো সেই ঠাইসমূহত কৰ্তৃপক্ষই পহৰাৰ কোনো ব্যৱস্থা কৰা নাই।

চিৰিয়াখানাৰ ভিতৰতে ‘বনসৃষ্টি’ নামৰ বিপণিসমূহ খোলা সন্দৰ্ভত বৈশ্যই কয় ‘বনবিভাগৰ ব্যক্তিয়ে তেওঁলোকৰ ইচ্ছা অনুসৰি বনসৃষ্টি বিপণি পাতিব পাৰে, কিন্তু বন ধ্বংস কৰি পাতিব পাৰে নেকি?’

বৈশ্যই চিৰিয়াখানাত চিচিটিভি কেমেৰা নথকাক লৈও প্ৰশ্ন কৰে আৰু কয় যে চিচিটিভিৰ ব্যৱস্থা নথকা বাবেই চিৰিয়াখানাত কেলেংকাৰি হোৱাত সহায় হৈছে।

সুৰক্ষা মঞ্চৰ এই অভিযোগৰ বিপৰীতে চিৰিয়াখানাৰ মুখ্য বন বিষয়া টেৰজ মৰিস্বামীয়ে নৰ্থ ইষ্ট নাওক কয় যে ‘চিৰিয়াখানা সুৰক্ষা মঞ্চই যি অভিযোগ আনিছে সেয়া ভিত্তিহীন। তেওঁলোকে ব্যক্তিগত লাভালাভৰ বাবে এনেধৰণৰ কথাবোৰ কৈ আছে। তেওঁলোকৰ অভিযোগত গুৰুত্ব নিদি আমি আমাৰ কামত মনোযোগ দি যাম।’

চিৰিয়াখানা সুৰক্ষা মঞ্চই হৰিণাৰ সংখ্যা ৬ মাহ আগলৈকে ১২০০ টা আছিল বুলি কৰা দাবী সন্দৰ্ভত মৰিস্বামীয়ে কয় ‘চিৰিয়াখানাত আৰম্ভণিৰে পৰা ১২০০ টা হৰিণ নাই। যদি তেওঁলোকৰ হাতত ১২০০ টা হৰিণ থকাৰ তথ্য আছে তেন্তে আমি শাস্তি ল’বলৈও প্ৰস্তুত।‘

চিৰিয়াখানাখনত বৰ্তমান হৰিণাৰ সংখ্যা অপৰ্য্যাপ্ত পৰিমাণত আছে বুলি মন্তব্য কৰি ডি এফ অ’গৰাকীয়ে কয় ‘আমি পি চি এফলৈ পত্ৰ প্ৰেৰণ কৰিছো যে হৰিণৰ সংখ্যা ৫০০ হোৱাটো বহুত বেছি গতিকে আমি ইয়াক মুকলি কৰি দিয়াৰ অনুমতি দিয়ক। ৫ বছৰ পূৰ্বে ১০ টা মণিপুৰী হৰিণা আছিল, বৰ্তমান ইয়াৰ সংখ্যা ৪৫ টা হ’লগৈ। চাম্বাৰ হৰিণ পূৰ্বে ১০০ টা আছিল যদিও এতিয়া ২০৫ টালৈ  লৈ বৃদ্ধি পালে। বৰ্তমান ফুটুকী হৰিণ ৯০ টা, সুগৰী হৰিণ ৬১ টা, থামিন হৰিণ ৫০ টা, মাউচ হৰিণ ১৬ টা আৰু হগ হৰিণ ৩৭ টা আছে।‘

আনহাতে কৃষ্ণনগৰ আৰু গীতা মন্দিৰৰ ফালে তিনিঠাইত দেৱাল ভঙা কথাষাৰৰ স্বীকাৰ কৰি টেৰজ মৰিস্বামীয়ে কয় ‘যোৱাবছৰ আমাৰ পুঁজিৰ পৰিমাণ কম আছিল। এইবাৰ আমি অসম চৰকাৰৰ ফালৰ পৰা ৫ কোটি টকা পাইছো, গতিকে আমি লাহে লাহে দেৱাল নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিম। যোৱাবছৰো ৩০০ মিটাৰ দেৱাল আমি নিৰ্মাণ কৰিছো।‘

তদুপৰি তেওঁ চলিত বৰ্ষত ১৭ টা হৰিণ মৃত্যুমুখত পৰা বুলি উল্লেখ কৰি তেওঁ কয় ‘হৰিণাৰ সংখ্যা বৃদ্ধি পোৱাৰ কাৰণে মতা হৰিণৰ মাজত কাজিয়া লাগি হৰিণসমূহ মৃত্যুৰ মুখত পৰিছে।’

গণেশগুৰি, কৃষ্ণনগৰত ৰাইজে পোৱা হৰিণসমূহ ওচৰৰ আমচাং অভয়াৰণ্যৰ পৰাহে ওলাই অহা বুলিও বিষয়াজনে মন্তব্য কৰে।

আনহাতে স্থানীয় ৰাইজ আৰু দোকানীসকলে আমাক জনোৱা অনুসৰি প্ৰতিদিনে একোটা হৰিণ বাহিৰলৈ ওলাই আহে, ভৰলু নৈত পৰে আৰু চিৰিয়াখানাৰ কৰ্তৃপক্ষই উদ্ধাৰ কৰি লৈ যায়।

আনহাতে বনসৃষ্টি বিপণিখন নিৰ্মাণ কৰা ঠাইডোখৰ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ নহয়, গতিকে বিপণিৰ বিৰোধিতা কৰাৰ অধিকাৰ সুৰক্ষা মঞ্চৰ নাই বুলি বিষয়াজনে মন্তব্য কৰে।

সুৰক্ষা মঞ্চৰ নেতাজনে ‘বিশিষ্ট আলহী’ক বিষয়াসকলে হৰিণৰ মঙহেৰে ভাত খুৱাই বুলিও বিস্ফোৰক অভিযোগ তুলি বৈশ্যই কয় যে, ‘ডেৰ মাহ পূৰ্বে গুৱাহাটীৰ প্ৰাক্তন সাংসদ কিৰিপ চলিহাৰ সৈতে আমি হঠাৎ চিৰিয়াখানাৰ ভিতৰত প্ৰৱেশ কৰি চিৰিয়াখানাৰ চিকিৎসালয়ৰ টেবুলত এটা বস্তা থৈ দিয়া দেখিলো। কৌতুহলবশতঃ আমি বস্তাটো খুলি চোৱাত তাত এটা প্ৰকাণ্ড হৰিণ দেখা পালো। তেতিয়ালৈকে হৰিণটোৰ গাটো গৰম হৈ আছিল। সেইসময়ত আমি চিকিৎসালয়ত তিনি-চাৰিজন চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ বাহিৰে কাকো দেখা নাপালো। সকলো পলাল আমি যোৱা গম পাই। তাত উপস্থিত থকা কৰ্মচাৰীসকলক সোধাত তেওঁলোকে কেনেকৈ মৃত্যু হ’ল নাজানো বুলি কৈ ডাক্তৰ আহি আছে বুলি ক’লে।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm
উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd