NORTHEAST NOW (Assamese)
দেশ

পুনৰ বৃদ্ধি ন্যায়িক জিম্মাৰ ম্যাদ: ১ জুনলৈ তিহাৰতে মনীষ চিছ’দিয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 23, 2023 7:10 pm
Sisodia

মুকলি আকাশৰ তললৈ অহাত আৰু কিছুদিন বিলম্ব ঘটিব দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ। আবকাৰী নীতি কেলেংকাৰীৰ গোচৰত তিহাৰ কাৰাগাৰত আৱদ্ধ হৈ থকা চিছ’দিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ আজি পুনৰ বৃদ্ধি কৰা হয়।

দিল্লীৰ এখন আদালতে আজি আপ নেতাগৰাকীৰ ন্যায়িক জিম্মাৰ ম্যাদ ১ জুনলৈ বৃদ্ধি কৰে। আদালতে লগতে চিছ’দিয়াক কাৰাগাৰৰ ভিতৰতে কিতাপৰ লগতে এখন চকী আৰু এখন মেজ প্ৰদান কৰাৰ কথা বিবেচনা কৰিবলৈও নিৰ্দেশ দিয়ে।

ইফালে দিল্লীৰ চৰকাৰী সেৱা বিষয়ত কেন্দ্ৰৰ অধ্যাদেশক কেন্দ্ৰ কৰি চলি থকা বিতৰ্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে চিছ’দিয়াই।

আদালতকক্ষৰ পৰা বাহিৰলৈ অনাৰ সময়তে কেন্দ্ৰৰ অধ্যাদেশ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি চিছ’দিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গণতন্ত্ৰত বিশ্বাস নকৰে বুলি মন্তব্য কৰে।

প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অতি অহংকাৰী হৈ পৰিছে বুলিও কটাক্ষ কৰে।

উল্লেখ্য যে, দিল্লী আবকাৰী নীতি ২০২১-২২ৰ খচৰা প্ৰস্তুত আৰু ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগত চিবিআইয়ে ২৬ ফেব্ৰুৱাৰীত চিছ’দিয়াক গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পিছতে এই সুৰা নীতিৰ ধন সৰবৰাহৰ অভিযোগত ৯ মাৰ্চত তিহাৰ কাৰাগাৰতে চিছ’ডিয়াক গ্ৰেপ্তাৰ কৰিছিল এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে।