NORTHEAST NOW (Assamese)
অসম

আজি পুনৰ দুটিৰ মৃত্যু; দুদিনৰ ভিতৰতে কুনো ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু তিনিটা চিতা পোৱালিৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী May 25, 2023 7:36 pm

মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত পুনৰ চিতা পোৱালিৰ মৃত্যু ঘটিছে। বৃহস্পতিবাৰে দুটা পোৱালিৰ মৃত্যু হয়। যোৱা দুদিনত ইয়াৰ সৈতে তিনিটা চিতা পোৱালিৰ মৃত্যু হৈছে।

২৪ মাৰ্চত জোৱালা নামৰ চিতাটোৱে চাৰিটা পোৱালি জন্ম দিয়ে। যোৱা মঙলবাৰে এটা পোৱালিৰ মৃত্যু হয়। মৃত্যুৰ কাৰণ আছিল অত্যধিক দুৰ্বলতা। বৃহস্পতিবাৰে আৰু দুটিৰ মৃত্যু হয়।

লগতে পঢ়ক: মহানগৰীৰ খাৰঘূলিৰ পানীৰ পাইপ বিস্ফোৰণৰ ঘটনাত ২ জনৰ মৃত্যু, বিধ্বস্ত ৪০ টাৰো অধিক ঘৰ

যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়ে দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াৰ চিতাৰ মৃত্যুক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। উচ্চতম ন্যায়ালয়ে প্ৰয়োজন হ’লে চিতাকেইটাক ৰাজস্থানলৈ স্থানান্তৰিত কৰাৰ পৰামৰ্শ দিছিল।

আফ্ৰিকাৰ পৰা অনা চিতাবোৰৰ মাজত ২৭ মাৰ্চত মৃত্যু হৈছিল মাইকী চিতা  ছাছাৰ। ছাছাৰ বৃক্কৰ সমস্যা আছিল। তাৰ পিছত ২৩ এপ্ৰিল হৃদযন্ত্ৰৰ সমস্যাত উদয় নামৰ চিতাটোৰ মৃত্যু হয়।

লগতে পঢ়ক: আপত্তিজনক প্রস্তাৱ শুনিয়েই ছবি এৰি থৈ আহিছিল প্ৰিয়ংকাই; কি চাব খুজিছিল পৰিচালকে?

আনহাতে, যোৱা ৯ মে’ত খাদ্যৰ বাবে যুঁজি থকা অৱস্থাত মৃত্যু হয় মাইকী চিতা দক্ষৰ। এই সপ্তাহত তিনিটা পোৱালিৰ মৃত্যু হয়।