NORTHEAST NOW (Assamese)
Popular Stories

ঘৰত বাইবেল ৰখাৰ ‘শাস্তি’! ২ বছৰীয়া শিশুক যাৱজ্জীৱন কাৰাদণ্ড দিলে কিমে!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 27, 2023 5:55 pm

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উন কঠোৰ শাসন ব্যৱস্থাৰ বাবে সুপৰিচিত। এই ধাৰা বৰ্তাই ৰাখিছে উনে।
শেহতীয়াকৈ প্ৰকাশ পাইছে যে কিম জং উনে এক ফটোৱা জাৰি কৰিছে। সেই অনুসৰি দেশখনৰ খ্ৰীষ্টানসকল জীৱন নিৰ্বাহ কৰাটোৱেই দুৰূঢ় হৈ পৰিব।

কিমৰ দেশত খ্ৰীষ্টানৰ হাতত বাইবেল থকা মানেই মৃত্যুদণ্ডৰ শাস্তি। ইয়াতেই শেষ হয়, দোষী সাব্যস্ত হোৱা দম্পতীহালৰ সন্তানক যাৱজ্জীৱন কাৰাদণ্ডলৈ প্ৰেৰণ কৰা হয়। এনে দাবী কৰিছে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে।

২০২২ চনত আমেৰিকাৰ ধৰ্ম বিভাগে দাখিল কৰা “আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা”ৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে উত্তৰ কোৰিয়াত ৭০ হাজাৰ খ্ৰীষ্টান কাৰাগাৰত বন্দী হৈ আছে। আন ধৰ্মৰ বিশ্বাসীকো কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে।

প্ৰতিবেদনত দাবী কৰা হৈছে যে ইয়াৰ ভিতৰত ২ বছৰীয়া শিশুও আছে। শিশুটিৰ ‘অপৰাধ’ হৈছে তেওঁৰ অভিভাৱকে লগত বাইবেল ৰাখিছিল! স্বাভাৱিকতে আমেৰিকাৰ প্ৰতিবেদনৰ এনে দাবীক লৈ আলোড়নৰ সৃষ্টি হৈছে।

বাতৰি অনুসৰি উত্তৰ কোৰিয়াই এই দোষী সাব্যস্ত হোৱা খ্ৰীষ্টান আৰু অন্যান্য সংখ্যালঘুৰ ওপৰত অকথিত নিৰ্যাতন চলায়।