NORTHEAST NOW (Assamese)
ক্ৰীড়া

ঠিক যেন শচীনৰ দৰেই…: গিলৰ প্ৰশংসাত পঞ্চমুখ পাক কিংবদন্তি আক্ৰাম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 4, 2023 3:55 pm
akram on gill

ক্ৰিকেট জগতত এগৰাকী বেটাৰৰ বাবে এগৰাকী বলাৰৰ পৰা প্ৰশংসা লাভ স্বাভাৱিকতেই এক বৃহৎ প্ৰাপ্তি। বিশেষকৈ সেই বলাৰগৰাকী যদি ক্ৰিকেট ইতিহাসৰে সৰ্বশ্ৰেষ্ঠ বলাৰসকলৰ অন্যতম পাক কিংবদন্তি ৱাছিম আক্ৰাম হয়, তেতিয়া সেই প্ৰাপ্তিয়ে সোণত সুৱগা চৰায়। ভাৰতীয় ক্ৰিকেটৰ নৱ যুৱৰাজ শুবমন গিলে শেহতীয়াকৈ বুটলিছে আক্ৰামৰ প্ৰশংসা।

আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট তথা ভাৰতৰ ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত গিলে দাঙি ধৰা ধাৰাবাহিক প্ৰদৰ্শনক লৈ ইতিমধ্যেই ক্ৰিকেট বিশ্বত গিলৰ তুলনা হ’বলৈ ধৰিছে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰ আৰু সাম্প্ৰতিক সময়ৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ বিৰাট কোহলীৰ সৈতে।

এনে চৰ্চাৰ মাজতে কিংবদন্তি ৱাছিম আক্ৰাম শুবমন গিলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত চালুকীয়া অৱস্থাতে গিলক অৱশ্যে শচীন-কোহলীৰ সৈতে তুলনাত একাংশই আপত্তি দৰ্শালেও আক্ৰামৰ দৃষ্টিত ভাৰতৰ নৱোদিত তাৰকা গিলৰ ক্ৰিকেটীয় প্ৰদৰ্শনত ধৰা পৰিছে শচীনৰ সাদৃশ্য।

শচীন তেণ্ডুলকাৰৰ ক্ৰিকেট কেৰিয়াৰৰ প্ৰাৰম্ভিক সময়ছোৱাতে ক্ৰিকেট জগতত খ্যাতি অৰ্জন কৰা আক্ৰামে শচীনৰ মাজত দেখিছিল বিশ্ব ক্ৰিকেটৰ নতুন মহাতাৰকাৰ লক্ষণ। আৰু আক্ৰামৰ এই পুৰ্বানুমান সঁচা প্ৰমাণিত কৰি জিলিকি উঠিছিল শচীন তেণ্ডুলকাৰ, হৈ পৰিছিল ‘ক্ৰিকেটৰ ভগৱান’।

স্প’ৰ্টছকিডাৰ সৈতে এক সাক্ষাৎকাৰত আক্ৰামে শচীনৰ সমুখত বলিং কৰাৰ সময়ক সুঁৱৰি কয় যে বৰ্তমান গিলৰ সমুখত বলিং কৰি থকা বলাৰসকলে যি অনুভৱ কৰিছে, তেওঁৰ কেৰিয়াৰৰ সক্ৰিয় সময়ছোৱাত তেণ্ডুলকাৰৰ সমুখত বলিং কৰাৰ সময়ত একেধৰণৰ অনুভৱেই লাভ কৰিছিল আক্ৰামে।

কিংবদন্তি পাকিস্তানী ক্ৰিকেটাৰগৰাকীয়ে লগতে কয় যে গিলৰ দৰে খেলুৱৈক বলিং কৰাৰ সময়ত, সেয়া আনকি টি-২০ ফৰ্মেট হ’লেও তেওঁ এদিনীয়া ক্ৰিকেটত প্ৰথম ১০ অভাৰত শচীন তেণ্ডুলকাৰক বলিং কৰাৰ দৰেই অনুভৱ কৰিব।

আক্ৰামে লগতে সাক্ষাৎকাৰটোত কয় যে তেওঁ শ্ৰীলংকান তাৰকাদ্বয় জয়সূৰ্য বা কালুৱিথাৰাণক বলিং কৰাৰ সময়ত তেওঁলোকৰ উইকেট দখলৰ সুযোগ লাভ কৰিব বুলি আশা কৰিব পাৰিছিল।

দুয়োগৰাকী বেটাৰে প্ৰতিটো বলত মূলত প্ৰহাৰ কৰাৰ চেষ্টা কৰাৰ বাবে সেই আশা থাকে বুলি উল্লেখ কৰি আক্ৰামে শচীন আৰু গিলৰ দৰে খেলুৱৈয়ে সঠিক ক্ৰিকেটীয় শ্বটহে খেলে বুলি মন্তব্য কৰে।

গিলৰ প্ৰসঙ্গত মন্তব্য কৰি আক্ৰামে কয়, “মই ভাবো গিল তেনে পৰ্যায়ৰ খেলুৱৈ, যি ক্ৰিকেটৰ প্ৰতিটো ফৰ্মেটতে ধাৰাবাহিকভাৱে ৰান সংগ্ৰহ কৰিব পাৰে।” লগতে অনাগত সময়ত গিল কেৱল ভাৰতীয় ক্ৰিকেটৰে ছুপাৰষ্টাৰ নহয়, বৰঞ্চ সমগ্ৰ বিশ্বৰে ক্ৰিকেটীয় পৰিসংখ্যাৰ তালিকাত গিলে শাসন কৰিব বুলি ভৱিষ্যতবাণী কৰে আক্ৰামে।

উল্লেখ্য যে, শেহতীয়াকৈ সমাপ্ত হোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছিল গিল। গিলৰ এই প্ৰদৰ্শনৰ ধাৰাবাহিকতা ভাৰতীয় ক্ৰিকেটপ্ৰেমীয়ে অহা ৭ জুনৰ পৰা আৰম্ভ হ’বলগীয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো আশা কৰিছে।

দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে গিলে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতৰ ইনিংছ আৰম্ভ কৰাতো প্ৰায় নিশ্চিত। অভেলৰ বাউঞ্চী উইকেটত গিলৰ প্ৰদৰ্শন লক্ষণীয় হ’ব। অৱশ্যে ফাইনেলৰ পূৰ্বে কিংবদন্তি বলাৰ আক্ৰামৰ প্ৰশংসাই স্বাভাৱিকতেই মনোবল বৃদ্ধি কৰিব নৱোদিত তাৰকাগৰাকীৰ।