NORTHEAST NOW (Assamese)
অসম

অভাৱনীয় ঘটনা : সহ-শিক্ষয়িত্ৰীক যৌন নিৰ্য্যাতন কৰি নিলম্বিত হ’ল আই আই টি গুৱাহাটীৰ চৌহদত থকা কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ

Posted by: এন ই নাও নিউজ May 4, 2018 5:45 pm

অৱশেষত মহিলাৰ বিৰুদ্ধে চলি থকা যৌন নিৰ্য্যাতনৰ ব্যাধিয়ে স্পৰ্শ কৰিলে আই আই টি, গুৱাহাটীৰ দৰে গৌৰৱোজ্জ্বল প্ৰতিষ্ঠানকো। বিশেষ সূত্ৰৰ খবৰ মতে, এগৰাকী সহ-শিক্ষয়িত্ৰীক যৌন নিৰ্য্যাতন কৰাৰ অভিযোগত আজি নিলম্বিত হৈছে আই আই টি গুৱাহাটীৰ চৌহদত থকা কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ। অসম তথা দেশৰ ভিতৰতে যশস্যা থকা, ঐতিহ্যময় প্ৰতিষ্ঠানটোক কলংকিত কৰা এই অধ্যক্ষজনৰ নাম কে মুৰুগেশ্বৰণ (K Murugeshwaran)। তেওঁক আজি কৰ্তৃপক্ষই তৎকালীনভাৱে নিলম্বন কৰে।

অভিযোগমতে অধ্যক্ষজনে দীৰ্ঘদিনৰ পৰা শিক্ষয়িত্ৰীগৰাকীক যৌন নিৰ্য্যাতন চলাই আহিছিল। কিন্তু শেহতীয়াকৈ তেওঁৰ কৰ্মকাণ্ডত শিক্ষয়িত্ৰীগৰাকী অতিষ্ঠ হৈ পৰে আৰু আজি কেইদিনমানৰ পূৰ্বে কৰ্তৃপক্ষক লিখিত অভিযোগ দিয়ে।

এই অভিযোগৰ ভিত্তিত কৰ্তৃপক্ষই অধ্যক্ষ কে মুৰুগেশ্বৰণক নিলম্বিত কৰা বুলি সূত্ৰটোৱে জানিবলৈ দিছে। সূত্ৰটোৱে জনোৱামতে কে মুৰুগেশ্বৰণৰ ঠাইত এতিয়া জ্যেষ্ঠ শিক্ষক এজনক দায়িত্ব দিয়া হৈছে।

উল্লেখযোগ্য যে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো নাৰী নিৰ্য্যাতনৰ ঘটনাই এক সংক্ৰামক ৰূপ লৈছে যদিও ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ দৰে ক্ষেত্ৰতো এইবোৰৰ প্ৰৱেশে চিন্তিত কৰি তুলিছে সচেতন মহলক। জানিব পৰামতে কেন্দ্ৰীয় বিদ্যালয় কৰ্তৃপক্ষই ঘটনাটো সন্দৰ্ভত অভ্যন্তৰীণ তদন্তৰ ব্যৱস্থা কৰিছে।