NORTHEAST NOW (Assamese)
Popular Stories

ৰে’ল দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ ইউটিউবাৰ কেৰিমিনটিৰ সাহায্য : লাইভষ্ট্ৰিম যোগে সংগ্ৰহ ১১ লাখ টকা 

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 5, 2023 12:56 pm

উৰিষ্যাত সংঘটিত হোৱা ৰে’ল দুৰ্ঘটনাত নিহত সকলৰ পৰিয়ালৰ কাষত থিয় দিছে  জনপ্ৰিয় ইউটিউবাৰ কেৰিমিনতিয়ে। উল্লেখ্য যে শুকুৰ বাৰে নিশা উৰিষ্যাত হোৱা ৰেল দুৰ্ঘটনাত নিহত হৈছিল প্ৰায় ৩০০ গৰাকী যাত্ৰী। আনহাতে দুৰ্ঘটনাটোত  আহত হৈছিল প্ৰায় ১০০০তকৈও অধিক লোক।

অভিযান চলাই থকাৰ সময়তে ততাতৈয়াকৈ নিহত সকলৰ পৰিয়ালৰ কাষত থিয় দিয়াৰ উদ্দেশ্যে চেৰিটি লাইভষ্ট্ৰীম চলাই কেৰিমিননতিয়ে সংগ্ৰহ কৰিছিল প্ৰায় ১২ লাখ টকা। আনহাতে পুলিঙৰ জৰিয়তে সংগ্ৰহ কৰিছিল ১.৫ লাখ টকা। এইদৰে মুঠ ১৩.৩৭ লাখ টকা সাহায্য সংগ্ৰহ কৰিছিল কন্টেন ক্ৰিয়েটৰ গৰাকীয়ে। 

ইয়াৰ পিছতেই জনপ্ৰিয় ইউটিউবাৰ গৰাকীয়ে লিখেছে –  “কালি দাতব্য অনুষ্ঠানটোক সমৰ্থন কৰা প্ৰতিজন ব্যক্তিৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ উদাৰ অৱদানৰ বাবে আজি দিনৰ ১ বজাৰ ভিতৰত আমি মুঠ ১১,৮৭,৬১১.৬৪ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হ’লোঁ।”

লগতে পঢ়কঃ পাষাণ শহুৰেকে দাৰে ঘপিয়াই কাটি পেলালে বোৱাৰীয়েকত হাত : তিনিচুকীয়াত নাৰী নিৰ্যাতনৰ ভয়ানক ঘটনা

লগতে তেওঁ কয় যে পৰৱৰ্তী সময়ত কোনোবাই অফলাইন অনুদান প্ৰেৰণ কৰিলে তেওঁ নিয়মীয়াকৈ আপডেট দি থাকিব। 

“আপোনালোক সকলোৰে বাবে মই অসীম গৌৰৱ আৰু কৃতজ্ঞতা অনুভৱ কৰিছো। বহুত বহুত ধন্যবাদ ”-তেওঁ লগতে কয়।

ইতিমধ্যে এই টকাখিনি নিহত সকলৰ পৰিয়ালৰ ওচৰলৈ লৈ যোৱাৰ বাবে কাম আৰম্ভ কৰিছে কেৰিমিনতি খ্যাত ইউটিউবাৰ অজয় নাগৰে। 

লগতে পঢ়কঃ ১২ জুনত পাটনাত আলোচনাত মিলিত নহয় বিৰোধী, বৈঠক স্থগিত; পুনৰ কেতিয়া বহিব?