NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ প্ৰতিবাদী মল্লযুঁজাৰুৰ; দ্ৰুত অভিযোগনামা দাখিলৰ দাবী

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী June 5, 2023 12:56 pm

প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ এফআইআৰৰ আধাৰত ভাৰতীয় মল্লযুঁজ সংস্থাৰ সভাপতি  ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে দিল্লী আৰক্ষীয়ে। তদন্তৰ গতিত সুখী নহয় বজৰং পুনিয়া, সাক্ষী মালিক, বিনেশ ফোগাত আদি। তেওঁলোকে এই দাবী লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাষ চাপে।

শনিবাৰে নিশা প্ৰতিবাদী মল্লযুঁজাৰুসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে। শ্বাহৰ বাসগৃহত শনিবাৰে মাজ নিশালৈকে অল ইণ্ডিয়া ৰেছলিং ফেডাৰেচনৰ সভাপতি ব্ৰিজভূষণৰ বিৰুদ্ধে অভিযোগ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়।

লগতে পঢ়ক: ১২ জুনত পাটনাত আলোচনাত মিলিত নহয় বিৰোধী, বৈঠক স্থগিত; পুনৰ কেতিয়া বহিব?

শনিবাৰে নিশা ১১ বজাৰ পৰা প্ৰতিবাদী মল্লযুঁজাৰুসকলে শ্বাহৰ সৈতে বৈঠক আৰম্ভ কৰে। বজৰং, সাক্ষীকে ধৰি চাৰিগৰাকী মল্লযুঁজাৰু শ্বাহৰ বাসগৃহলৈ যায়। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তেওঁলোকৰ বক্তৱ্য মনোযোগেৰে শুনে। তদন্তৰ গতিত অসন্তুষ্ট সাক্ষী-ভিনেশহঁতে ব্ৰিজভূষণৰ বিৰুদ্ধে দ্ৰুত অভিযোগনামা দাখিলৰ দাবী কৰে।

মল্লযুঁজাৰুসকলক আশ্বাস দি শ্বাহে কয় যে আইন আইনৰ পথেৰে আগবাঢ়িব।ইয়াৰ পূৰ্বে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে সাক্ষী, বজৰংগক আশ্বাস দিছিল যে সকলো অভিযোগৰ তদন্ত স্বচ্ছতাৰে কৰা হ’ব।’

লগতে পঢ়ক: World Environment Day 2023: জলবায়ু পৰিৱৰ্তনৰ উদ্বেগৰ সময়ত পৰিৱেশ ৰক্ষাৰ বাবে গ্ৰহণ কৰক এইকেইটা উপায়

ইপিনে, কংগ্ৰেছ নেতা কপিল ছিবালে শ্বাহৰ আশ্বাসক কটাক্ষ কৰে। তেওঁ কয়, “অমিত শ্বাহে মল্লযুঁজাৰুসকলক লগ পাইছে। মল্লযুঁজাৰুসকলে সমস্যা সমাধানৰ আশা কৰিছে। অনুমান কৰিছোঁ, কোনো গ্ৰেপ্তাৰ নহ’ব। দুৰ্বল এখন চাৰ্জ শ্বীট দিয়া হ’ব। ব্রিজভূষণে জামিন পাব। ইয়াৰ পিছত তেওঁলোকে ক’ব, বিষয়টো এতিয়া বিচাৰাধীন।‘’

ক্ৰীড়া মন্ত্ৰীৰ আশ্বাসৰ পিছতো বিজেপি সাংসদ ব্রিজভূষণৰ বিৰুদ্ধে কেন্দ্রই ব্যৱস্থা নোলোৱাৰ বাবে মল্লযুঁজাৰুসকলে আন্দোলন তীব্রতৰ কৰি তুলিছে৷ বজৰং, সাক্ষী, ভিনেশে গংগাত পদক উটুৱাই দিবলৈ হৰিদ্বাৰলৈ গৈছিল। কিন্তু ভাৰতীয় কিষাণ সংঘৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকায়েটৰ হস্তক্ষেপত তেওঁলোকে গংগা নদীত পদকটো বিসৰ্জন নিদিলে। টিকায়েটে কেন্দ্ৰক ৯ জুনলৈ সময় দিছে। অভিযুক্ত ব্ৰিজভূষণক গ্ৰেপ্তাৰ নকৰিলে বৃহৎ আন্দোলনৰ সকীয়নি দিছে কৃষক নেতাগৰাকীয়ে।