NORTHEAST NOW (Assamese)
দেশ

পৰিয়ালে মানি নলয় সম্পৰ্ক: চলন্ত বাছতে বিহ পান প্ৰেমিক দম্পতীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 7, 2023 11:38 am
couple consumed poison

দক্ষিণ ভাৰতীয় ৰাজ্য কৰ্ণাটকত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এখন চলন্ত বাছতে বিষ সেৱন কৰি আত্মহত্যা কৰিছে এগৰাকী যুৱতীয়ে। আনহাতে বিষ সেৱনৰ ফলত চিকিৎসালয়ৰ বিচনাত প্ৰাণ হেৰুৱাইছে যুৱতীগৰাকীৰ প্ৰেমিকে।

প্ৰকাশিত খবৰ অনুসৰি প্ৰেমিক দম্পতীহালৰ পৰিয়ালে তেওঁলোকৰ সম্পৰ্ক স্বীকাৰ নকৰাৰ ক্ষোভতে বাছি লয় এই চৰম পথ। নিহত যুৱকগৰাকী বেংগালুৰুৰ আৰু যুৱকগৰাকী বগালকোটেৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

মঙলবাৰে ৰানেবেন্নুৰ আৰক্ষী থানাত এই সন্দৰ্ভত ৰুজু হৈছে এক গোচৰ। জানিব পৰা মতে, পিতৃ-মাতৃয়ে যুৱকজনৰ সৈতে সম্পৰ্কক মানি ল’বলৈ নাকচ কৰাৰ পিছতে ঘৰৰ পৰা ওলাই আহে যুৱতীগৰাকী।

পিছত যুৱতীগৰাকীয়ে পিতৃ-মাতৃক নিজ প্ৰেমিকৰ সৈতে মুম্বাইলৈ পলাই অহা বুলি জানিবলৈ দিয়ে। কিন্তু যাত্ৰাপথতে দুয়ো আত্মহত্যাৰ উদ্দেশ্যে বিহ সেৱন কৰে। ইফালে বাছৰ আন যাত্ৰীসকলে দুৰ্গন্ধ পাই ৰানেবেন্নুৰৰ সমীপত বাছখন ৰখাই দিয়ে।

যাত্ৰীসকলে পৰীক্ষা কৰাৰ পিছত যুৱক-যুৱতীহালক বিষ সেৱন কৰা অৱস্থাত উদ্ধাৰ কৰে। অৱশ্যে তেতিয়ালৈ যুৱতীগৰাকীৰ মৃত্যু হয় যদিও অচেতন অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় যুৱকগৰাকীক।

সংকটজনক অৱস্থাত যুৱকগৰাকীক লগে লগে এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। যুৱকগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে এই পৰ্যন্ত জানিব পৰা হোৱা নাই। আনহাতে নিহত যুৱতীগৰাকী বি.কমৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে।