NORTHEAST NOW (Assamese)
অসম

পুনৰ ওড়িশা! দুৰ্গ-পুৰী এক্সপ্ৰেছত জুই; কথমপি এক ডাঙৰ দুৰ্যোগৰ পৰা ৰক্ষা পৰিল যাত্ৰাবাহী ৰে’ল

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী June 9, 2023 11:12 am

যোৱা ২ জুনত ওড়িশাৰ বালেশ্বৰৰ বাহাংগা বজাৰ ষ্টেচনৰ সমীপত চেন্নাই অভিমুখী কৰমণ্ডল এক্সপ্ৰেছত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত ২৮৮ জন লোকৰ মৃত্যু হয়। আহত হয় হাজাৰৰো অধিক লোক। এই ভয়াবহ ঘটনাৰ স্মৃতি সজীৱ হৈ থকাৰ সময়তে ওড়িশাত পুনৰ ৰে’লত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত ওড়িশাৰ খাৰিয়াৰ ৰোড ষ্টেচনৰ সমীপত দুৰ্গ-পুৰী এক্সপ্ৰেছে কথমপি এক বৃহৎ দুৰ্যোগৰ পৰা হাত সাৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক: দেশৰ ১২৫ তম শীৰ্ষ স্থানত জি চি ইউ-ৰ অধীনস্থ গিৰিজানন্দ চৌধুৰী ইনষ্টটিউট অৱ ফাৰ্মাচিউটিকেল চাইঞ্চ

জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত ১৮৪২৬ নং দুৰ্গ-পুৰী এক্সপ্ৰেছৰ এচি কম্পাৰ্টমেণ্টত অগ্নিকাণ্ড সংঘটিত হয়। ৰে’লখনৰ বি ৩ কোঠাত অগ্নিকাণ্ড সংঘটিত হয়।

ৰে’লৱেৰ বিষয়াসকলে জনোৱা মতে, এজন যাত্ৰীয়ে এলাৰ্ম চেইন টানিছিল। কিন্তু, তাৰপিছতো ৰে’লখনে ব্ৰেক নলগোৱাৰ বাবে এই ঘটনা সংঘটিত হয়। ঘৰ্ষণৰ ফলত ব্ৰেক পেডত জুই লাগিছিল বুলি ৰে’ল বিভাগৰ বিষয়াসকলে জানিবলৈ দিয়ে।

লগতে পঢ়ক: লিডুৰ অবৈধ ‘ৰেট হোল’ খনিত নিহত দুজন কয়লা খননকাৰী শ্ৰমিক

ইষ্ট ক’ষ্ট ৰে’লৱেই জনোৱা মতে, এই ঘটনাৰ ফলত কোনো লোক আহত হোৱা নাই বা কোনো ক্ষয়ক্ষতি হোৱা নাই। কিয়নো জুই কেৱল ব্ৰেক পেডতহে দেখা গৈছিল। জুই নিৰ্বাপন হোৱাৰ পিছত নিশা ১১ বজাত গন্তব্যস্থানলৈ ৰাওনা হয় দুৰ্গ-পুৰী এক্সপ্ৰেছ।