NORTHEAST NOW (Assamese)
Popular Stories

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

June 9, 2023 9:10 pm

তিনিচুকীয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। শহুৰেকৰ নিৰ্মম আক্ৰমণৰ বলি হৈ মৃত্যুক সাৱটি ল’লে এগৰাকী গৰ্ভৱতী মহিলাই। জানিব পৰা মতে ৬ মাহৰ গৰ্ভৱতী আছিল মহিলাগৰাকী। মহিলাগৰাকীৰ লগতে জন্মৰ আগতেই পৃথিৱীৰ পৰা বিদায় মাগিলে গৰ্ভস্থ শিশুটিয়ে।

নিহত মহিলাগৰাকীৰ নাম সংগীতা সাহ। যোৱা ৪ জুনত সংগীতাক শহুৰেক হৰিন্দৰ প্ৰসাদে নিৰ্মমভাৱে আক্ৰমণ কৰিছিল। আহত মহিলাগৰাকীক ততাতৈয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাতে পাঁচদিন ধৰি চিকিৎসাধীন হৈ আছিল ভুক্তভোগী মহিলাগিৰাকী। 

জানিব পৰা মতে, উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে  মহিলাগৰাকীক এ এম চি এইচলৈ নিয়াৰ পৰামৰ্শ দিছিল। শুকুৰবাৰে এ এম চি এইচত চিকিৎসাধীন হৈ থকাৰ অৱস্থাতে সংগীতা আৰু তেওঁৰ গৰ্ভত থকা শিশুটিৰ মৃত্যু হয়।

আৰক্ষী সুত্ৰই জনৱা মতে  ইতিমধ্যে হত্যাকাৰী হৰিন্দৰ প্ৰসাদে তিনিচুকীয়া আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰিছে আৰু আৰক্ষীয়ে গোচৰ ৰুজু  কৰি হৰিন্দৰক জেললৈ প্ৰেৰণ কৰিছে।

হৰিন্দৰে কয়, ‘‘মোৰ ঘৰত চিচিটিভি কেমেৰা স্থাপন কৰিব বিচৰাৰ পিছত মোৰ বোৱাৰীয়ে যোৱা কেইবাদিনো ধৰি এই কামৰ বাধা দি আহিছইল। যোৱা কেইবাদিনো তেওঁ মোক কেমেৰা স্থাপন কৰিবলৈ দিয়া নাছিল আৰু মোৰ লগত বেয়া আচৰণ কৰিছিল।”

উল্লেখ্য যে পৰিয়ালটোৱে  তিনিচুকীয়া মানৱ কল্যাণ পথত বাস কৰিছিল।