NORTHEAST NOW (Assamese)
দেশ

লক্ষ্য ২৪: বিৰোধীৰ মহা বৈঠকত উপস্থিত থাকিব ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 9, 2023 9:42 pm
Rahul Gandhi Lok Sabha election

সমাগত ২৪ ৰ লোকসভা নিৰ্বাচন। বিজেপিক ৰোধৰ লক্ষ্যৰে তীব্ৰ প্ৰস্তুতি আৰম্ভ কৰিছে বিৰোধীয়ে। এই প্ৰচেষ্টাত মূল হোতা হিচাপে দায়িত্ব পালন কৰা বিহাৰৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰে একালৰ সহযোগী নীতিশ কুমাৰে বিৰোধী ঐক্যৰ বাবে পাটনাত আহ্বান কৰিছে এক মহা বৈঠক।

বিৰোধীৰ এই মহা বৈঠকত অংশগ্ৰহণ কৰিব কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ লগতে দলৰ অন্যতম শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে আজি দলৰ এই সিদ্ধান্তৰ কথা নিশ্চিত কৰিছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বেনুগোপালে লগতে বিজেপিক পৰোক্ষ আক্ৰমণ কৰি দেশ ধ্বংস কৰা শক্তিসমূহৰ বিৰুদ্ধে যুঁজিবলৈ বিৰোধী দলসমূহৰ মাজত ঐক্য স্থাপনৰ সময় আহি পৰিছে বুলি মন্তব্য কৰে।

ইতিপূৰ্বে বৃহস্পতিবাৰে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী শাৰদ পাৱাৰে বিৰোধী দলসমূহৰ বৈঠকত অংশগ্ৰহণ কৰিব বুলি নিশ্চিত কৰিছে। ইফালে বৃহস্পতিবাৰে পাটনাত এক সাক্ষাৎকাৰত বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে আগন্তুক বৈঠকত প্ৰায় ১৫টা দলে অংশগ্ৰহণ কৰিব বুলি সদৰী কৰিছে।

উল্লেখ্য যে, বিজেপিক প্ৰতিহত কৰি ২৪ ৰ নিৰ্বাচনত দলটোক দিল্লীৰ শাসনৰ পৰা উৎখাত কৰাৰ লক্ষ্যৰে বিজেপিৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰা একে লক্ষ্যৰ বিৰোধী দলসমূহৰ একত্ৰিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই বৈঠক প্ৰথমে ১২ জুনত অনুষ্ঠিত হোৱাৰ কথা আছিল।

কিন্তু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনকে ধৰি কেইবাগৰাকীও বিৰোধী নেতাই পূৰ্বনিৰ্ধাৰিত সূচীৰ উদাহৰণ দি ১২ জুনত বৈঠকত অংশগ্ৰহণ কৰিবলৈ অসমৰ্থতা প্ৰকাশ কৰাৰ পিছতে বৈঠকখন পিছুৱাই দিয়া হয়।