NORTHEAST NOW (Assamese)
অসম

বঙাইগাৱঁত দাৰে ঘপিয়াই এজনক হত্যা ,হত্যাকাৰীৰ আৰক্ষী চকীত আত্মসমৰ্পন

Posted by: প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও Updated by: প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও January 10, 2022 4:24 pm

বঙাইগাঁও চহৰৰ দোলাইগাঁৱত মাটি বাৰীৰ বিবাদৰ পৰিণতিত এজন লোকে দাৰ ঘাপত প্ৰাণ হেৰুৱাবলগীয়া হয় ৷ ঘটনা সন্দৰ্ভত স্থানীয় লোকৰ পৰা জানিব পৰা মতে, উত্তৰ বঙাইগাঁও আৰক্ষী চকীৰ অন্তৰ্গত দোলাইগাঁও উজানপাৰাত বাণীকান্ত বৈদ্য নামৰ (৫৫) লোক জনক ওচৰৰে গকুল ৰায় (২৭) নামৰ এজন যুৱকে দাৰে ডিঙিত ঘপিয়াই হত্যা কৰে ৷

বাণীকান্ত বৈদ্যৰ সৈতে হত্যাকাণ্ডত জড়িত গকুল ৰায়ৰ পৰিয়ালৰ দীৰ্ঘ দিনৰ পৰাই মাটি বাৰী সম্পৰ্কীয় কাজিয়া সংঘটিত হৈ আহিছিল ৷ পুৱা ভাগত বৈদ্যৰ সতে উল্লিখিত যুৱক জনৰ পুনৰাই কাজিয়াৰ সূত্ৰপাত ঘটে আৰু বাণীকান্ত বৈদ্যৰ পদূলি মূখত যুৱক জনে উন্মাদ হৈ চোকা অস্ত্ৰেৰে ডিঙিত ঘপিয়াই কৰি হত্যা কৰে ৷

এই ঘটনাই দোলাইগাঁও উজানপাৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ গুৰুতৰভাৱে আহত বাণীকান্ত বৈদ্যক ঘটনাৰ পাছতে এখন স্থানীয় ব্যক্তিগত চিকিৎসালয়ত নিয়ে যদিও ইতিপূৰ্বে লোক জনৰ মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷

ইপিনে পিছত হত্যাকাৰী গকুল ৰায়ে উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীত চোকা অস্ত্ৰসহ আত্মসমৰ্পন কৰে ৷

পাছলৈ আৰক্ষীয়ে মৃত লোক জনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰি পৰিয়ালৰ লোকক চমজাই দিয়ে ৷

আৰক্ষীয়ে হত্যাকাৰী যুৱক জনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰায় আৰু আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷

পেছাত গেলামালৰ দোকানী বাণীকান্ত বৈদ্যই ইহসংসাৰত পত্নী আৰু দুই পুত্ৰ সন্তানক এৰি থৈ যায় ৷
বঙাইগাঁও আৰক্ষী চাউনিৰ কাষত গেলামাল দোকান দি জীৱন নিৰ্বাহ কৰা লোকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে ৷